Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল

প্ৰতিবন্ধীক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে,বিগত ৫ বছৰত প্ৰতিবন্ধীক দি অহা আঁচনি কৰ্তন কৰিলে:প্ৰতিবন্ধী সুৰক্ষা সংন্থা

WhatsApp Image 2026 03 12 at 4.54.01 PM

Assam Disabled Protection Association:

বিগত ৫ বছৰে বিজেপি চৰকাৰখনে প্ৰতিবন্ধীৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে৷ বৰঞ্চ প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি পূৰ্ৱে লাভ কৰি থকা সুবিধা সমুহো বৰ্তমানৰ চৰকাৰখনে কৰ্তন কৰিছে ৷ ফলত বহু লোক অনিদ্ৰাই – অনাহাৰে দিন কটাবলগীয়া হৈছে ৷ অন্য কথা‌ বাদেই অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত দীৰ্ঘদিনৰে পৰা কৰি অহা আন্দোলনৰ ফলশ্ৰুতিত ২০১৭চনৰ ৩ ডিচেম্বৰত তেতিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে দীনদয়াল দিব্যাংগ আঁচনি মুকলি কৰি প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিক ১০০০টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল ৷ আঁচনি খনৰ জৰিয়তে ১৬০২৬২গৰাকী লোকে লাভৱান হৈছিল যদিও বৰ্তমানৰ ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ অহাৰ পাছত ২০২২চনৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে এই মন্তব্য প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ ৷

গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সম্পাদক গৰাকীয়ে কয় যে, পূৰ্বৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী, মুখ্য সচিব পৰ্যায়ত এনেবোৰ সমস্যা লৈ কেইবাবাৰো আলোচনা হৈছিল যদিও বিগত ৫বছৰে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব গৰাকীয়ে এবাৰো আলোচনাত বহিবলৈ সময় উলিয়াব নোৱাৰিলে ৷ জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়া আৰু সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে প্ৰতিবন্ধী সকলক প্ৰতিশ্ৰুতিৰ নামত প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে ৷ কেৱল সেয়াই নহয় প্ৰতিবন্ধীক দিব্যাংগ পেঞ্চনৰ পৰিৱৰ্তে প্ৰদান কৰিম বুলি খোদ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈ ৰাজ্যৰ অধিকাংশ প্ৰতিবন্ধীয়ে অৰুণোদয় আচনিৰ ধনৰাশিও পাবলৈ সক্ষম নহ’ল ৷

মালাকাৰে লগতে কয়, বিগত বছৰত অৰুণোদয় আচঁনিৰ ধনক লৈ বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগত কেইবাবাৰো আলোচনা কৰাৰ পাছত শেহতীয়াকৈ বিগত ৩১ডিচেম্বৰত হোৱা আলোচনা মৰ্মে মন্ত্ৰী গৰাকীয়ে এইবাৰ ৰৈ যোৱা প্ৰতিবন্ধী ব্যক্তিসকলক দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিনত হ’ল ৷ ইপিনে ২০১৭ চনলৈ ৰাজ্যৰ ২৩টা বিভাগত বেকলগ হৈ থকা বুলি চৰকাৰে তথ্য প্ৰদান কৰি ৪৪১৯টা পদৰ বিপৰীতে ২০১৮চনত বিজ্ঞাপন প্ৰকাশ কৰি মাত্ৰ ৮৬৩টা পদত নিযুক্তিৰ ব্যৱস্থা কৰি বাকী ৩৫৫৬টা পদৰ নিযুক্তিৰ ক্ষেত্ৰত আজিলৈকে ব্যৱস্থা নকৰিলে ৷ আনকি ২০১৯ চনত গুৱাহাটীত স্থাপন হোৱা অসমৰ একমাত্র দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সম্পূৰ্ণ চৰকাৰীকৰণৰ ক্ষেত্ৰতো কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে ৷ দুর্বল প্রতিবন্ধী লোকক ৫ শতাংশ আৱাসগৃহ, ২০১৮ চনতে চৰকাৰে লিখিত প্রতিশ্রুতি দিয়া অনুসৰি গুৱাহাটীৰ মাজমজিয়াত জিৰণী গৃহৰ কামো আজিলৈ আৰম্ভ নকৰিলে ৷

প্ৰতিবন্ধীক ইমান প্ৰতাৰণা কৰাৰ পাছত কিহৰ যুক্তিত বিজেপিয়ে সকলো স্তৰৰ লোকৰ উন্নয়নৰ কাম কৰা বুলি দম্ভালি মাৰে সেয়া হাস্যকৰ ৷ সংবাদমেলত আগন্তুক অসম বিধান সভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত প্রতিবন্ধী আইন ২০১৬ৰ ২৪ নং দফা অনুসৰি প্ৰতিগৰাকী প্রতিবন্ধী ব্যক্তিলৈ তিনি হাজাৰ টকাকৈ মাহিলী দিব্যাংগ পেঞ্চন, পূৰ্বৰ বেকলগ হৈ থকা ৩৫৫৬টা পদ পুৰনৰ ব্যৱস্থা, চৰকাৰী- বেচৰকাৰী সকলো চিকিৎসালয়ত চিকিৎসা সেৱা আৰু যাতায়াত ব্যৱস্থা বিনামূলীয়া কৰা, প্ৰতিগৰাকী প্রতিবন্ধী ব্যক্তিকে বিনামূলীয়া গৃহ দিয়াৰ ব্যৱস্থা, দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণ আৰু বিশেষ বিদ্যালয়সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ লগতে অনান্য সমস্যা সমাধানৰ কথা উল্লেখ কৰিব লাগিব তেওঁ কয় ৷ অন্যথা ৰাজ্যখনত থকা প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলকে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিয়ে ৷

আজিৰ সংবাদমেলত ছাহজাহান আলী, বিশাল বৈশ্য, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক নিপুল কলিতা, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ শান্তিৰাম ডেকা, সঞ্জীৱ দৈমাৰী, ৰাজীৱ টিগ্গা, মধ্য অসম প্ৰতিবন্ধী সন্হাৰ পাপু কুমাৰ গুপ্তা, আনন্দ কলিতা আদি উপস্থিত থাকে ৷

 

 

 

Exit mobile version