Dibrugarh university :
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই মাচুল বৃদ্ধিৰ প্ৰতিবাদত আন্দোলনৰ সময়ত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুয়ে আলোচনা বাবে নিমন্ত্ৰণ জনাই অপমান কৰাৰ প্ৰতিবাদত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত যিকোনো ৰাজনৈতিক নেতাৰ প্ৰবেশ নিষিদ্ধ কৰিছে। শিক্ষামন্ত্ৰীয়ে নিজৰ এনে কাৰ্যৰ প্ৰতি ক্ষমা নোখোজা পৰ্যন্ত ধাৰাবাহিক আন্দোলন ঘোষণা ছাত্ৰ একতা সভাৰ।
