Today’s Horoscope:দিনটোৰ ৰাশিফল

daily horoscope 1024x576 1

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্রত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

বৃষ: বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাবধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

মিথুন: আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্য চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

কর্কট: আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ত্রুটি নকৰিব। শাৰীৰিক দিশত দুৰ্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।

সিংহ: ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্রত শুভ ফল পব। শুভৰং মেৰুণ। শুভ সংখ্যা-৫।

কন্যা: শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং গেৰুৱা বগা। শুভ সংখ্যা ৩।

তুলা: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিকত আশানুৰূপ ফল পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

বৃশ্চিক: বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ। শুভ ৰং বগা। শুভ সংখ্যা ৬।

ধনু: (বিবাহৰ যোগাযোগত শুভ। বিদ্যার্থীৰ বাবে শুভ দিন) যান-বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

মকৰ : চাকৰি পৰিৱৰ্তনৰ পৰিকল্পা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অৰ্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্ৰেমত আন্তৰিকতা শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কুম্ভ: আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম-প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং সোণালী। শুভ সংখ্যা ১।

মীন: কর্মক্ষেত্রত আর্থিক লেন-দেনত সাৱধান থাকিব। স্বামী-স্ত্রীৰ মাজত মতানৈকতাৰ সম্ভাৱনা। শুভ ৰং বগা শুভ সংখ্যা ২।

Exit mobile version