Guwahati:
বৃহস্পতিবাৰে নিশা পানবজাৰস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰা গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক শ্ৰীপ্ৰেমধৰ শৰ্মাদেৱলৈ গুৱাহাটী প্ৰেছ ক্লাব পৰিয়ালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত শৰ্মাদেৱৰ নশ্বৰদেহ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবলৈ নিয়া হয়। প্ৰেছ ক্লাবৰ সন্মুখত উপস্থিত অৰ্ধশতাধিক সাংবাদিকে ১ মিনিট মৌন প্ৰাৰ্থনাৰে প্ৰেমধৰ শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
ইয়াৰ পিছতেই প্ৰেছ ক্লাব পৰিয়ালৰ হৈ প্ৰথমে সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰেছ ক্লাবৰ কোষাধ্যক্ষ হীৰকজ্যোতি টাইড, সহকাৰী সাধাৰণ সম্পাদক পদ্মিনী হাজৰিকা আৰু ক্ৰীড়া সম্পাদক দীপাংকৰ দাসেও ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত সাংবাদিকজনক। প্ৰেছ ক্লাব পৰিয়ালৰ ওপৰিও অসম বাৰ্তাজীৱী সংঘৰ হৈ অঞ্জনজ্যোতি শৰ্মা, সোণাধৰ ডেকা, আদিত্য বৰ্মন, ফটো জাৰ্নেলিষ্ট এছ’চিয়েচনৰ হৈ দিব্যজ্যোতি ৰাভা, চিন্ময় ৰয়, অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ হৈ পুলিন সাহা প্ৰমুখ্যে সাংবাদিকসকলে শেষ বিদায় জনাই প্ৰেমধৰ শৰ্মাক।