APCC Candidate List:
ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰথম খন তালিকা ঘোষণা কৰাৰ পিছত দ্বিতীয় খন প্ৰাৰ্থী তালিকাৰ বাবে উৎকণ্ঠাৰে বাট চাই থকা প্ৰাৰ্থী সকলৰ বাবে এটা ভাল খবৰ যে শনিবাৰে নিশাৰ ভিতৰতে প্ৰকাশ পাব দ্বিতীয় খন প্ৰাৰ্থী তালিকা ৷ এই কথা শুকুৰবাৰে দিল্লীত ঘোষণা কৰিছিল এপিচিচি সভাপতি গৌৰৱ গগৈ ৷
দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে অজাপ ,চিপিএম আৰু কাৰ্বি পাহাৰৰ জন ইংতি কাথাৰৰ স’তে জোটবন্ধন কৰি ইতিমধ্যে ঘোষণা কৰিছে প্ৰথম খন প্ৰাৰ্থী তালিকা ৷ পূৰ্বে এই জোঁটৰ অংশীদাৰ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ আছিল যদিও শেহতীয়াকৈ কংগ্ৰেছৰে কেতবোৰ আসনক লৈ মতানৈক্য থকাৰ বাবে কাৰ্যত ৰাইজৰ হল একাষৰীয়া হোৱাৰ উপক্ৰম হৈছে ৷ অৱশ্যে গৌৰৱ গগৈয়ে ফেচবুক যোগে ৰাইজৰ দলৰে আলোচনা কিছু বিৰাম দিয়া বুলি উল্লেখ কৰাৰ বিপৰীতে বৰ্তমান বুজাপৰা সমগ্ৰ বিষয়টো কংগ্ৰেছৰ কৰ্টত থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল অখিল গগৈয়ে ৷
আনহাতে দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী বৈঠকত গৌৰৰ গগৈ, কংগ্ৰেছৰ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক জিতেন্দ্র সিং, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। ৰাইজৰ দলৰ হৈ আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে ইয়াত ভাগ লয় যোগেন্দ্র যাদবে। গুৱাহাটীৰ পৰা ভার্চুৱেলী আলোচনাত অংশগ্ৰহণ কৰে অধিবক্তা শান্তনু বৰঠাকুৰে। বিয়লি ছয় বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকতো মিত্ৰতাৰ কোনো ফলাফল নোলাল; বৰঞ্চ ৰাইজৰ দলক এককভাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ পূর্বে দিয়া এটা সমষ্টিও কংগ্ৰেছে কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হয়। বিশেষকৈ ৰঙানদী আৰু দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি নিদিয়াৰ সিদ্ধান্তত অটল থাকে কংগ্ৰেছ ৷
আনহাতে,ৰাইজৰ দলে কৰা এনে অভিযোগৰ পাছতে দলটোৰ কৰ্ণধাৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া ইমানতে অন্ত পৰিল বুলি সিদ্ধান্ত গ্রহণ কৰে। ফলত মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ৷
উল্লেখ্য যে অসমৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে শুকুৰবাৰে নতুন দিল্লীত কংগ্ৰেছৰ নির্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে,কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী, সাধাৰণ সম্পাদক এছ বেনুগোপাল, জিতেন্দ্ৰ সিং, এপিচিচি সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ এআইচিচিৰ সাধাৰণ সম্পাদক সকল উপস্থিত থাকে ৷
২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিক ৰোধিবলৈ দ্বিতীয় খন শক্তিশালী প্ৰাৰ্থী তালিকা প্ৰস্তুতত মোহৰ মৰা হয়। দিল্লীৰ এক উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে, শনিবাৰে নিশাৰ ভিতৰত ঘোষণা হ’বলগীয়া প্ৰাৰ্থী তালিকা খন ৩৫ জনীয়া ৷ মুলত: ব্ৰহ্মপুত্ৰ,বৰাক আৰু কাৰ্বি পাহাৰৰ প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত কৰা হৈছে ৷ এনে প্ৰেক্ষাপটত প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ উৎকণ্ঠা বৃদ্ধি পালে ৷
