Child swimmer Kyuschenghan Phukan:আৰৱ সাগৰ সাঁতুৰি অভিলেখ গঢ়া চেপনৰ কণমাণি সাতোঁৰবিদ কিউচেংঘান ফুকনক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন

৩ ঘণ্টা ২৯ মিনিটত ১২ কিলোমিটাৰ সাতোঁৰিছিল ৭ বছৰীয়া শিশুটিয়ে

WhatsApp Image 2026 03 14 at 5.12.42 PM

Child swimmer Kyuschenghan Phukan:

পখিলা খেদাৰ বয়সতে আৰৱ সাগৰ সাঁতুৰি অভিলেখ গঢ়িলে এগৰাকী অসম তনয়াই । চৰাইদেউ জিলাৰ চেপনৰ হলৌগুৰি অঞ্চলৰ এই কণমানি গৰাকী হৈছে কিউচেংঘান ফুকন । গুৱাহাটীৰ গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কিউচেংঘান-এ ৩ ঘণ্টা ২৯ মিনিটত ১২ কিলোমিটাৰ সাতুঁৰি চমক দিবলৈ সক্ষম হয় । মুম্বাইৰ আৰৱ সাগৰৰ এলিফেণ্টা ঘাটৰ পৰা গেট ৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি শিশুটিয়ে গঢ়ে এই অভিলেখ । যোৱা ৪ ফেব্ৰুৱাৰীৰ এই অভিলেখৰ বাবে শনিবাৰে জলপৰী কিউচেংঘান ফুকনক নগাঁৱত বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

নগাঁৱৰ নিউ আমোলাপট্টিৰ ‘মেৰা যুৱ ভাৰত কেন্দ্ৰ’ত শিশুটিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই নগাঁৱৰ শ্ৰীশ্ৰী শংকৰ মন্দিৰৰ সদস্যসকলে । ভাৰতবৰ্ষৰ ‘অপেন ৱাটাৰ এমেচাৰ একুৱাটিকছ ফেডাৰেশ্যন’-এ অভিলেখৰ স্বীকৃতি প্ৰদান কৰা শিশুটিৰ শিল্পকলাৰ প্ৰতি বিশেষ ৰাপ থকাৰ উপৰিও জুবিন গাৰ্গৰ গীত শুনিও ভাল পায় । ভৱিষ্যতে এগৰাকী দক্ষ সাতোঁৰবিদ হ’ব বিচৰা এই শিশুটি হৈছে হেমাংগ ফুকন আৰু ৰিমলি হাজৰিকাৰ কন্যা ।

বৰ্তমান কিউচেংঘান হৈছে গুৱাহাটীৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ এগৰাকী অন্যতম প্ৰশিক্ষাৰ্থী । সম্প্ৰতি তৃতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা কণমাণি শিশুটিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগী সকলে । ইপিনে, শিশুটিৰ এই পাৰদৰ্শিতাক লৈ উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ তথা পৰিয়াল ।

Exit mobile version