First Grand Master of the North East:
অসমলৈ লৈ গৌৰৱ কঢ়িয়াই আনিলে মায়ংক চক্ৰৱৰ্তীয়ে ৷ উত্তৰ পূবৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ খিতাপ গুৱাহাটীৰ ১৭ বছৰীয়া কিশোৰ মায়ংক চক্ৰৱৰ্তীয় ৷ তেওঁ দেশৰ ৯৪ সংখ্যক গ্রেণ্ডমাষ্টাৰতো পৰিগণিত হয়।
ছুইডেনত ন মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ আয়োজিত ‘হোটেল ষ্টকহোম নর্থ’ দবাত মায়ংকে গ্ৰেণ্ডমাষ্টাৰৰ বাবে প্রয়োজনীয় তৃতীয় তথা চূড়ান্ত অৰ্হতা লাভ কৰে।
গুৱাহাটীৰ ছাউথ পইন্ট স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মায়ংকৰ এই সাফল্যত সদৌ অসম দবা প্রতিযোগিতাৰ সভাপতি মুকুতা ডেকা আৰু সচিব প্রধান ৰাজীৱ ধৰে এই ঐতিহাসিক কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
