Gaurav gogoi Vs Akhil Gogoi:
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ স’তে মিত্ৰতাৰ বিষয়টোত ‘বিৰতি লোৱা’ বুলি বৃহস্পতিবাৰে সদৰী কৰিছিল। তাৰ পাছত শুকুৰবাৰে ৰাইজৰ দলে ঘোষণা কৰে যে তেওঁলোকৰ মাজত মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া অন্ত পৰিল। দলৰ কৰ্ণধাৰ সমিতিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় শুকুৰবাৰে আৰু ইয়াতেই এই ঘোষণা কৰাৰ লগতে মন্তব্য কৰা হয় যে বাৰম্বাৰ অনুৰোধৰ পাছতো কংগ্ৰেছে ৰাইজৰ দলৰ স’তে মিত্ৰতাৰ পাশত আবদ্ধ নহ’ল। দল দুটাৰ মাজত মিত্রতা স্থাপনৰ আজিও এখন বৈঠক অনুষ্ঠিত হয়।
দিল্লীত অনুষ্ঠিত এই বৈঠকত গৌৰৰ গগৈ, কংগ্ৰেছৰ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক জিতেন্দ্র সিং, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। ৰাইজৰ দলৰ হৈ আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে ইয়াত ভাগ লয় যোগেন্দ্র যাদবে। আনহাতে, গুৱাহাটীৰ পৰা ভার্চুৱেলী আলোচনাত অংশগ্ৰহণ কৰে অধিবক্তা শান্তনু বৰঠাকুৰে। বিয়লি ছয় বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকতো মিত্ৰতাৰ কোনো ফলাফল নোলাল; বৰঞ্চ ৰাইজৰ দলক এককভাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ পূর্বে দিয়া এটা সমষ্টিও কংগ্ৰেছে কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হয়। বিশেষকৈ ৰঙানদী আৰু দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি নিদিয়াৰ সিদ্ধান্তত অটল থাকে কংগ্ৰেছ ৷
আনহাতে,ৰাইজৰ দলে কৰা এনে অভিযোগৰ পাছতে দলটোৱে কৰ্ণধাৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া ইমানতে অন্ত পৰিল বুলি সিদ্ধান্ত গ্রহণ কৰে। এই সিদ্ধান্ত সদৰী কৰি ৰাইজৰ দলে কংগ্ৰেছক লুটিবাগৰ মৰা দল আখ্যা দিয়ে। তদুপৰি কংগ্ৰেছে প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰা বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত ৰাইজৰ দলে এক বিবৃতিত উল্লেখ কৰে এনেদৰে, ‘যোৱা কে’বামাহো ধৰি কংগ্ৰেছ আৰু তেওঁলোকৰ মাজত আলোচনা অনুষ্ঠিত হৈ থকাৰ পাছতো কংগ্ৰেছে মিত্ৰতাৰ পক্ষত অৱস্থান গ্রহণ নকৰিলে। কাৰ্যতঃ ৰাইজৰ দলৰ স’তে ২০২৬ৰ বিধানসভা নির্বাচন একেলগে খেলাৰ সিদ্ধান্ত গ্রহণ নকৰিলে কংগ্ৰেছে। দিল্লীত অনুষ্ঠিত কংগ্রেছ কাৰ্যকৰী কমিটীৰ বৈঠক আৰু মিত্রতা সম্পর্কীয় বিশেষ বৈঠকতো মিত্রতা সম্পর্কীয় কোনো সিদ্ধান্ত গ্রহণ নহ’ল। কংগ্ৰেছে ৰাইজৰ দলে দাখিল কৰা মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰে। পূর্বে কেৱল ধিং সমষ্টিটো পোনপটীয়াকৈ ৰাইজৰ দলক এৰি দিবলৈ কংগ্রেছ সন্মত নোহোৱাৰ বাবেই মিত্ৰতাৰ আলোচনা স্থৱিৰ হৈ পৰিছে। শুকুৰবাৰে আকৌ কংগ্রেছে নতুনকৈ ৰঙানদী আৰু দলগাঁও সমষ্টি দুটাও ৰাইজৰ দলক এৰি দিবলৈ মাস্তি নহ’ল।’
তদুপৰি ৰাইজৰ দলে কয় যে পূর্বে তেওঁলোকে বিচৰা ১৫টা সমষ্টিৰ চাৰিটাহে পোনপটীয়াকৈ এৰি দিবলৈ সন্মতি দিছিল। আজি সেই সংখ্যা তিনিলৈ হ্রাস হয়। কাৰণ দলগাঁও সমষ্টিটো পূর্বে পোনপটীয়া প্রতিদ্বন্দ্বিতাৰ বাবে ৰাইজৰ দলক এৰি দিয়াৰ সিদ্ধান্ত হৈছিল যদিও সেয়াও নাকচ কৰে। ইয়াৰ পাছতে কর্ণধাৰ সমিতিৰ আলোচনাৰ সিদ্ধান্ত সদৰী কৰি দলটোৱে সদৰী কৰে এনেদৰে, ‘কংগ্ৰেছৰ এনে বিলম্বিত আৰু সিদ্ধান্তবিহীন আলোচনাই সাংগঠনিকভারে ৰাইজৰ দলৰ বিস্তৰ ক্ষতিসাধন কৰিছে।
অৱশেষত ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কীয় শেষৰখন কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত কংগ্ৰেছৰ পৰা মিত্ৰতা সম্পৰ্কীয় আলোচনাৰ কোনো ফলাফল লাভ নকৰাত আৰু কংগ্ৰেছে পূৰ্বৰ স্থিতি বাৰম্বাৰ সলাই থকাত মিত্ৰতাৰ আলোচনা বন্ধ কৰিবলৈ আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্রহণ কৰা হয়।’
আনহাতে কংগ্ৰেছৰে মিত্ৰতাৰ আলোচনাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাা ঘোষণা ফেচবুক যোগে উল্লেখ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
