Home Minister Amit Shah Guwahati Visit: শনিবাৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমন

বিয়লি ৫ বজাত গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰী গৰাকী

WhatsApp Image 2026 03 14 at 1.33.29 PM

Home Minister Amit Shah Guwahati Visit:

ৰাজ্যৰ বিধাসভা নিৰ্বাচনত প্ৰাকমুহূৰ্তত ঢাকঢোল পিটিবলৈ শাসকীয় দলৰ ইজনৰ পিছত সিজনকৈ নেতাৰ অসম আগমন ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিল্লীলৈ বিয়লি উভতি যোৱাৰ পিছতে পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূর্যও ৷ শনিবাৰে বিয়লি ৫ বজাত গুৱাহাটী বিমান বন্দৰত গৃহমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ বিপৰীতে নিশা ৮ বজাত গুৱাহাটীত উপস্থিত হ’বহি বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূর্য ৷

উল্লেখ্য যে দেওবাৰে খানাপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাই অনুষ্ঠিত কৰা যুৱ সম্মিলনত ভাগ ল’ব গৃহমন্ত্ৰী আৰু বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৷ আনহাতে বিয়লি ১২ বজাত প্রাগজ্যোতিষ মেডিকেল কলেজৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version