PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শিলচৰৰ অম্বিকাপুৰত বিশাল ৰাজহুৱা সভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

WhatsApp Image 2026 03 14 at 12.07.28 PM

PM Modi Visit Silchar:

দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও কাৰ্যসূচীত ভাগ লৈ কইনাধৰা ৰাজ্যিক অতিথিশালাৰ নিশাটো কটাই শনিবাৰে প্ৰতিকুল বতৰৰ মাজত পুৱা ভাগত বায়ুসেনাৰ বিশেষ বিমানেৰে উৰা মাৰে শিলচৰ অভিমুখে ৷

শিলচৰৰ অম্বিকাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল ৰাজহুৱা সভাত সম্বোধন কৰাৰ লগতে মুঠ ২৩,৫৫০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰকল্প কেইটা হ’ল ২২,৮৬০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া শ্বিলং-শিলচৰ হাইস্পীড কৰিডৰৰ আধাৰশিলা ৷ উল্লেখ্য যে এই প্ৰকল্প হৈ উঠাৰ পিছত হ্রাস কৰিব গুৱাহাটী-শিলচৰ ভ্ৰমণৰ সময় ৷

আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শিলচৰ নগৰ উৰণ সেতুৰ ভূমিপূজন আৰু পাথাৰকান্দিৰ কৃষি মহাবিদ্যালয়ৰো শিলান্যাস কৰে ৷ এই সকলো কেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংসদ পৰিমল শুক্ল বৈদ্য,ৰাজ্যৰ দুই মন্ত্ৰী  কৌশিক ৰয় আৰু কৃষ্ণেন্দু পাল উপস্থিত থাকে ৷

Exit mobile version