অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

IMG 20260315 163940

অসমৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ দিন । নিৰ্বাচনী সূচী ঘোষণা কৰি ‘Election Commission of India’য়ে জনাইছে যে এইবাৰ ৰাজ্যজুৰি ৯ এপ্ৰিল তাৰিখে একেটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছত চাৰি মে’ তাৰিখে ভোটগণনা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰা হ’ব।

নির্বাচনী সূচী ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যত মডেল কোড অৱ কণ্ডাক্ট কাৰ্যকৰী হৈছে। ইয়াৰ ফলত চৰকাৰ আৰু ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বিধি মানি চলিব লাগিব।

ৰাজ্যজুৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে ইতিমধ্যে ব্যাপক নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

এই নিৰ্বাচনত অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। লাখ লাখ ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিব আৰু ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ নিৰ্বাচিত হ’ব।

নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Exit mobile version