আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

pakistan cover 1

Afghanistan‬:✒️আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণক লৈ পুনৰ উত্তপ্ত হৈ উঠিছে দক্ষিণ এছিয়াৰ ৰাজনৈতিক পৰিস্থিতি। এই ঘটনাক তীব্ৰ ভাষাত সমালোচনা কৰি ভাৰতীয় চৰকাৰে ইয়াক “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি উল্লেখ কৰিছে।

নতুন দিল্লীৰ মতে, কোনো দেশেই আন এখন স্বাধীন ৰাষ্ট্ৰৰ ভূখণ্ডত এই ধৰণে সামৰিক অভিযান চলোৱা উচিত নহয়।

তথ্য অনুসৰি পাকিস্তানে আফগানিস্তানৰ সীমান্তৱৰ্তী কিছুমান এলেকাত বিমান আক্ৰমণ চলায়। আফগান কৰ্তৃপক্ষৰ দাবী, এই আক্ৰমণত বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু কেবাখন ঘৰবাৰী ধ্বংস হৈছে। ঘটনাটোৰ পিছতেই ভাৰতৰ বৈদেশিক বিষয়ক মন্ত্ৰালয়ে কঠোৰ ভাষাত পাকিস্তানক সমালোচনা কৰে।

ভাৰতৰ বৈদেশিক বিষয়ক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱাল (Randhir Jaiswal)য়ে কয়, এই আক্ৰমণ “আগ্ৰাসনৰ আৰু এটা উদাহৰণ” আৰু ইয়াৰ জৰিয়তে আফগানিস্তানৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি অসম্মান দেখুওৱা হৈছে।

তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি আন ৰাষ্ট্ৰৰ স্বাধীনতা আৰু ভূখণ্ডীয় অখণ্ডতাক সন্মান কৰা উচিত।

তথ্য অনুসৰি,আফগানিস্তানৰ কিছুমান অঞ্চল—বিশেষকৈ কান্দাহাৰ (Kandahar)ৰ ওচৰৰ এলেকাত এই বিমান আক্ৰমণ সংঘটিত হৈছে। স্থানীয় প্ৰশাসনৰ মতে, আক্ৰমণৰ ফলত বহু মানুহ আহত হৈছে আৰু অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে।

ইফালে পাকিস্তানৰ দাবী, এই অভিযান সন্ত্রাসবাদী গোটৰ ঘাঁটি লক্ষ্য কৰি চলোৱা হৈছিল। পাকিস্তানৰ মতে, দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতেই এই সামৰিক পদক্ষেপ লোৱা হৈছে। কিন্তু এই দাবীক লৈ আফগানিস্তানৰ পক্ষৰ পৰা তীব্ৰ আপত্তি উত্থাপন কৰা হৈছে।

বিশেষজ্ঞসকলৰ মতে, এই ঘটনাই আফগানিস্তান আৰু পাকিস্তানৰ মাজত ইতিমধ্যে চলি থকা উত্তেজনাক আৰু বেছি তীব্ৰ কৰি তুলিব পাৰে। দক্ষিণ এছিয়াৰ আঞ্চলিক ৰাজনীতিৰ ক্ষেত্ৰতো এই ঘটনাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

ভাৰতৰ এই তীব্ৰ প্ৰতিক্ৰিয়াই স্পষ্টকৈ দেখুৱাইছে যে আফগানিস্তানৰ পৰিস্থিতি আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত নতুন দিল্লীয়ে ঘনিষ্ঠভাৱে নজৰ ৰাখিছে। এতিয়া এই ঘটনাৰ পাছত কূটনৈতিক স্তৰত নতুন কি বিকাশ ঘটে সেয়া লক্ষ্যণীয় হ’ব।

Exit mobile version