US Israel vs Iran:✒️মধ্যপ্ৰাচ্যত পুনৰ তীব্ৰ হৈ উঠিছে উত্তেজনা। ইৰাণে অভিযোগ তুলিছে যে আমেৰিকাই দেশখনৰ গুৰুত্বপূৰ্ণ তেল ৰপ্তানি কেন্দ্ৰ খাৰ্গ আইলেণ্ড (Kharg Island)ত কৰা সামৰিক আক্ৰমণ ইউনাইটেড আৰব এমিৰেটছ(United Arab Emirates) ৰ সামৰিক ঘাঁটি ব্যৱহাৰ কৰি চলোৱা হৈছিল।
এই অভিযোগ প্ৰকাশ কৰাৰ পাছতে গাল্ফ অঞ্চলত নতুনকৈ উত্তেজনা বৃদ্ধি পাইছে।ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগচি(Abbas Araghchi)য়ে দাবী কৰে যে আমেৰিকাই ইউএইৰ ভিতৰত থকা কিছু সামৰিক সুবিধা আৰু ঘাঁটি ব্যৱহাৰ কৰি খাৰ্গ দ্বীপত আঘাত হানে।
তেওঁৰ মতে এই ধৰণৰ পদক্ষেপে অঞ্চলটোত সংঘাতক আৰু বেছি জটিল কৰি তুলিছে।
খাৰ্গ দ্বীপ ইৰাণৰ বাবে অতি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ, কাৰণ দেশখনৰ প্ৰায় ৯০ শতাংশ তেল ৰপ্তানি এই দ্বীপৰ তেল টাৰ্মিনেলৰ জৰিয়তে হয়। সাম্প্ৰতিক সামৰিক অভিযানত দ্বীপটোত একাধিক বিস্ফোৰণ আৰু সামরিক স্থাপনাত ক্ষতি হোৱা বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে জানিবলৈ দিছে।
ইফালে ইউএইয়ে ইৰাণৰ এই অভিযোগ তীব্ৰভাৱে খণ্ডন কৰিছে। ইউএইৰ কৰ্তৃপক্ষৰ মতে, তেওঁলোকৰ ভূখণ্ড ব্যৱহাৰ কৰি কোনো বিদেশী সামৰিক অভিযান চলোৱা হোৱা নাই।
এই অভিযোগ “ভিত্তিহীন” বুলি উল্লেখ কৰি ইউএইয়ে ইৰাণক দায়িত্বশীল আচৰণ কৰিবলৈ আহ্বান জনায়।
এই ঘটনাৰ পিছতেই ইৰাণে গাল্ফ অঞ্চলৰ কিছুমান বন্দৰ আৰু স্থাপনাৰ বিষয়ে সতর্কবাণী জাৰি কৰিছে আৰু দাবী কৰিছে যে যদি পুনৰ এই ধৰণৰ আক্ৰমণ ঘটে তেন্তে আমেৰিকাৰ সৈতে জড়িত স্থাপনাসমূহ লক্ষ্যবস্তু হ’ব পাৰে।
এই পৰিস্থিতিয়ে সমগ্ৰ গাল্ফ অঞ্চলত সামরিক উত্তেজনা বৃদ্ধি কৰাৰ লগতে বিশ্ব তেল বজাৰৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ আশংকা সৃষ্টি কৰিছে।
বিশেষজ্ঞসকলৰ মতে, ইৰাণ-আমেৰিকা সংঘাত ইতিমধ্যে মধ্যপ্ৰাচ্যত বিস্তৃত হোৱাৰ সম্ভাৱনা দেখুৱাইছে। খাৰ্গ দ্বীপৰ দৰে গুৰুত্বপূৰ্ণ তেল কেন্দ্ৰক লৈ হোৱা এই সংঘাত আগন্তুক দিনবোৰত বিশ্ব ৰাজনীতি আৰু শক্তি বজাৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।
