Zubeen Garg:✒️অসমৰ হিয়াৰ আমঠু ৰূপে পৰিচিত জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ (Zubeen Garg)ক আজি তেওঁৰ ছমহীয়া তিথিৰ দিনটোত ৰাজ্যজুৰি অনুৰাগীসকলে স্মৰণ কৰিছে। সংগীতৰ জগতত তেওঁৰ অৱদান আৰু অসংখ্য জনপ্ৰিয় গীতৰ বাবে তেওঁ আজিও অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰি আছে।
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ছমহীয়া তিথি উপলক্ষে তেওঁৰ কাহিলীপাৰাস্থিত ঘৰখনত পৰিয়াল-বৰ্গই মাংগলিক অনুষ্ঠান আয়োজন কৰিছে।
আনহাতে, জুবিনে ভালপোৱা খাদ্যসমূহো ৰান্ধিছে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে (Garima Saikia Garg)।
