প্রাচীন ভাৰতীয় পৰিব্রাজক চিকাই ক’ৰানৰ ভ্ৰমণ কাহিনী পোহৰলৈ আনিলে দুই বিদেশী গৱেষকে

IMG 20260316 140905

Egypt:✒️মার্ক’ প’ল’, হিউৱেন চাং আদি বিদেশী প্রাচীন পৰিব্ৰাজকৰ কথা প্রায় সকলোৰে মুখত শুনা যায়। সম্ভবতঃ বহুতে বিশ্বাস কৰে যে বিদেশ ভ্রমণকাৰী এনে প্রাচীন ভাৰতীয় পৰিব্রাজক নাছিল। কিন্তু শেহতীয়াভারে পোহৰলৈ আহিছে যে দুহেজাৰ বছৰ পূৰ্বে এজন ভাৰতীয় পৰিৱাজকে সুদূৰ ইজিপ্ত ভ্রমণ কৰিছিল।

ইজিপ্ত ভ্ৰমণ কৰাই নহয়, এই পৰিৱাজকজনে প্রাচীন সভ্যতাৰ দেশখনৰ বহু স্থানত নিজৰ নাম খোদিতও কৰিছিল। এই পৰিব্ৰাজকজন হ’ল প্রাচীন তামিল পৰিব্রাজক চিকাই ক’ৰান। শেহতীয়াভাৱে পোহৰলৈ অহা তথ্য অনুসৰি ক’ৰানে ইজিপ্তৰ ভেলী অৱ দ্য কিংছ ভ্রমণ কৰিছিল। তাত তেওঁ ধর্মযাজক আৰু আঢ্যৱন্ত লোকসকলৰ সমাধিক্ষেত্ৰত নিজৰ নাম খোদিত কৰে। ক’ৰানে নাম খোদিত কৰা এনে এক ক্ষেত্র হ’ল টুটানখামুন।

তেওঁ এই স্থানসমূহত প্রাচীন তামিল ভাষাত নিজৰ নাম খোদিত কৰে। প্রাচীন ভাৰতীয় পৰিব্ৰাজকজনে নিজৰ নাম খোদিত কৰা ইজিপ্তৰ আঠটা সমাধিস্থলীৰ তথ্য পোহৰলৈ আহিছে।

বিশেষজ্ঞসকলৰ মতে তেওঁ নাম খোদিত কৰা এই সমাধিস্থলীসমূহ প্রথম খ্রীষ্টাব্দৰ পৰা তৃতীয় খ্ৰীষ্টাব্দৰ ভিতৰত স্থাপিত। এই ক্ষেত্ৰসমূহত মুঠতে চাৰিটা ভাৰতীয় ভাষাত লিখা তথ্য উদ্ধাৰ হৈছে। ইয়াৰ লগে লগে এটা কথা স্পষ্ট হৈছে যে প্রাচীন কালত দক্ষিণ এছিয়াৰো একাংশ লোকে ইজিপ্ত ভ্রমণ কৰিছিল। এইসকলৰে অন্যতম হ’ল ক’ৰান।

এই সম্পৰ্কত ছুইজাৰলেণ্ডৰ ইউনিভাৰছিটি অৱ লৌছেনৰ গৱেষক ইনগ’ ষ্ট্ৰচে সাংবাদিকৰ আগত কয়, ‘আমি জানিব পাৰিছো যে প্রাচীন কালত তামিলনাডুৰ একাংশ বণিকে ইজিপ্ত ভ্ৰমণ কৰিছিল। দেশখনৰ প্ৰাচীন বন্দৰ চহৰসমূহত উদ্ধাৰ হোৱা লিপিয়ে এই কথা প্রমাণ কৰিছে। ইয়াৰ জৰিয়তে আন এটা কথাও প্রমাণ হৈছে যে এই প্রাচীন তামিল বণিকসকলে কেৱল বেহা-বেপাৰ কৰিয়ে ইজিপ্তৰ পৰা উভতি যোৱা নাছিল। তেওঁলোকে দেশখনত দীঘলীয়া সময় পাৰো কৰিছিল। আনকি তেওঁলোকে বন্দৰৰ পৰা দূৰ দূৰণিৰ স্থানো ভ্রমণ কৰাৰ তথ্য উদ্ধাৰ হৈছে।’

গৱেষক ষ্টচ আৰু তেওঁৰ সহযোগী চার্ল’ট স্কমিডে ক’ৰানৰ নাম উদ্ধাৰ হোৱা স্থানৰ কেতবোৰ তথ্যও প্ৰদৰ্শন কৰিছে। ইয়াৰে স্কমিড হৈছে ফ্রান্স স্কুল অৱ এছিয়ান ষ্টাডিজৰ গৱেষক। উল্লেখ্য যে ইয়াৰ পূর্বে য়েমেন উপকূলৰ ছ’কট্টা আৰু প্ৰাচীন লোহিত সাগৰ বন্দৰৰ বেৰেনাইক নামৰ স্থানত ভাৰতীয় লিপিত লিখা তথ্য উদ্ধাৰ হয়। ইয়াৰ লগে লগে প্রমাণ হৈছে যে প্রাচীন কালত বহু ভাৰতীয়ও বিদেশ ভ্রমণ কৰিছিল।

Exit mobile version