APHLC Candidate List Announced:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন দেওবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ শাসক – বিৰোধীৰ ৰাজনৈতিক দলবোৰে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল ৷ ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দলে কংগ্ৰেছ আৰু ৰাইজৰ দলে নিজ নিজ দলৰ দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত সোমবাৰে কংগ্ৰেছৰ মিত্ৰদল এপিডিচিএলে ঘোষণা কৰিলে দুজনীয়া প্ৰাৰ্থী তালিকা ৷ মিত্ৰতা সূত্ৰে লাভ কৰা কাৰ্বি পাহাৰৰ ডিফু আৰু আমৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে ৷ ডিফু সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতা কৰিব স্বয়ং দলটোৰ সভাপতি জন ইংতি কাথাৰ। আনহাতে আমৰি সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে বিক্ৰম হাঞ্চে ৷
