Asom Jatiya Parishad:
কংগ্ৰেছৰ লগত মিত্ৰতা কৰি ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে আগবঢ়া অসম জাতীয় পৰিষদে দেওবাৰে দলৰ নির্বাচনী পৰিচালনা সমিতি গঠন কৰে। বসন্ত ডেকা-ড° কৃষ্ণ গোপাল ভট্টাচার্যক উপদেষ্টা আৰু চন্দ্রকান্ত দাসক অধ্যক্ষ ৰূপে লৈ গঠন কৰা সমিতিৰ উপাধ্যক্ষ হ’ল বিশিষ্ট অধিবক্তা কমল নয়ন চৌধুৰী। সমিতিৰ মুখ্য আহ্বায়ক হ’ল ছমচেৰ সিং।
আহ্বায়কসকল ক্রমে চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, অমৃত খাটনিয়াৰ, জিয়াউৰ ৰহমান, গিৰীন তালুকদাৰ, অমিতাভ বৰঠাকুৰ আৰু নিখিল ভট্টাচার্য। ইপিনে, দুই-এদিনৰ ভিতৰতে দলটোৱে প্রার্থী তালিকা ঘোষণা কৰিবলৈয়ো প্রস্তুতি চলাইছে। উল্লেখ্য যে দলটোৱে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিকেইটা হ’ল- বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, মৰিগাঁও, বঢ়মপুৰ, বিন্নাকান্দি, শদিয়া, ডিব্ৰুগড়, খোৱাঙ আৰু সৰুপথাৰ।
ইয়াৰে খোৱাঙত সভাপতি লুৰীণজ্যোতি গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিব। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই পূৰ্বৰ দৰে এইবাৰো শদিয়াৰ পৰা প্রার্থী হ’ব। মৰিগাঁৱত বাণী দাস, বঢ়মপুৰত ৰাজেন গোঁহাই আৰু বজালীত দিলীপ বৰুৱা দলটোৰ প্ৰাৰ্থী হ’ব।
