Bjp Joining:গেৰুৱা বসন পিন্ধিলে অগপৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে

বিজেপিত যোগদান সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ধনবীৰ সোণোৱাল আৰু আছুৰ প্ৰাক্তন নেতা ৰাণা সোণাৰ

WhatsApp Image 2026 03 16 at 12.59.38 PM

Bjp Joining:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন দেওবাৰে নিৰ্বাচন ঘোষণাৰ পিছতে শাসকীয় বিজেপিৰ দলৰ ব্যাপক কুজকাৱাজ আৰম্ভ হৈছে । সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিস্থিত অনুষ্ঠিত হোৱা এক যোগদান সভাত অগপৰ জ্যেষ্ঠ নেতা থকা অভয়াপুৰী সমষ্টিৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে বিজেপিত যোগদান কৰে ৷ একেদৰে গেৰুৱা বসন পিন্ধে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ধনবীৰ সোণোৱাল আৰু আছুৰ প্ৰাক্তন নেতা ৰাণা সোণাৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ন- বিজেপি ভূপেন ৰায় অভয়াপুৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version