BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

কোকৰাঝাৰ সমষ্টিত বি পি এফৰ প্রার্থিত্ব বিচাৰি আবেদনপত্ৰ হাগ্ৰামাৰ পত্নী শিউলি মহিলাৰীৰ

WhatsApp Image 2026 03 16 at 2.09.42 PM

BPF:

অৱশেষত বিপিএফত আৰম্ভ হ’ল পৰিয়ালবাদ ৷ বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ বিপিএফত আবেদন পত্ৰ জমা দিয়ে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে হাগ্ৰামা মহিলাৰীক তেওঁৰ পত্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মহিলাৰে একেমুখে নাকয কৰি স্পষ্ট কৰি দিছিল যে তেওঁ পত্নী কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ নহয় ৷

কিন্ত আজি হাগ্ৰামাৰ পত্নী শিউলি মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টিত বি পি এফৰ প্রার্থিত্ব বিচাৰি আবেদনপত্ৰ জমা দিয়াৰ পিছত বিটিচি মুৰব্বী গৰাকীয়ে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয় ৷ অৱশ্যে শেষ মুহূৰ্তত হাগ্ৰামাই পৰিয়ালবাদকে অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনাই অধিক বুলি বিশেষভাৱে চৰ্চিত হৈছে বড়োভূমিত।

 

Exit mobile version