Ghagrapar Damage Road:পথ নিৰ্মান নহলে ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ ক্ষুদ্ৰ পিপলীয়া গাঁৱৰ ৰাইজৰ

উন্নয়ণৰ ফোপলা স্বৰূপ উদঙালে ক্ষুদ্ৰ পিপলীয়া গাওঁবাসীয়ে

WhatsApp Image 2026 03 16 at 12.03.32 PM

Ghagrapar Damage Road:

বিজেপি চৰকাৰৰ দিনত বিকাশ আৰু উন্নয়ন হৈছে যদিও গ্ৰামাঞ্চলত ইয়াৰ বিপৰীত ছবি দেখা যায়।বিশেষকৈ বাৰিষা আহিলেহে গম পোৱা যায় এই উন্নয়ণৰ প্ৰতিচ্ছবি খন।বাৰিষাৰ এজাক বৰষুণ অহাৰ পিছত নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।লগতে গাঁৱে-ভুঞে পথ সমূহ বোকা পানীৰে উপচি পৰে।ফলশ্ৰুতিত ৰাইজৰ জনজীৱন বিপন্ন হৈ পৰে।

দেওবাৰে আবেলি ৩৯ নং নলবাৰী বিধানসভা সমষ্টিৰ পুৱ নলবাৰী অঞ্চলৰ অন্তৰ্গত ২৭ নং ঘাই পথৰ গাতে লাগি থকা ক্ষুদ্ৰ পিপলীয়া-ঘূলিসত্ৰ,ক্ষুদ্ৰ পিপলীয়া শিৱ মন্দিৰ-সাহপুৰ সংযোগী পথৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰাৰ প্ৰতিবাদত অহা ৮ এপ্ৰিলত বিধানসভা নিৰ্বাচনত গঞা ৰাইজে ভোট বৰ্জনৰ হুংকাৰ প্ৰদানেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

গাঁওখনৰ অহা-যোৱা কৰা মুল পথটোৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ।।বছৰ-বছৰ ধৰি উক্ত অঞ্চলৰ ৰাইজে পথটোৰ বাবে য’মৰ যন্ত্ৰণা ভূগি আহিছে।বিশেষকৈ বাৰিষা আহিলে আলৈ আথানি হৈ পৰে অঞ্চলটোৰ বাসিন্দা সকলৰ।বোকা-পানীৰে উপচি পৰা পথটো নিৰ্মানৰ বাবে ইতিমধ্যে গঁঞা ৰাইজে কেইবা বাৰো নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বান জনাইছে যদিও আজিকোপতি পথটোত এচপৰা মাটিও নপৰিল বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

সেয়ে উপায়ন্তৰ হৈ দেওবাৰে প্রায় শতাধিক অঞ্চলবাসী ৰাইজ ৰাজপথলৈ ওলাই আহি “ন’ ৰোড-ন’ ভোট” শীৰ্ষক শ্লো-গানেৰে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীৰ পৰা ৰাইজে মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ দাবী প্ৰদানৰ লগতে হুংকাৰ প্ৰদান কৰি জনায় যে নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মান কৰক অন্যাথা আমি সকলো গঁঞা ৰাইজে এইবাৰ ভোট বৰ্জন কৰিম। এতিয়া মন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Exit mobile version