UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ইউপিপিএলে

WhatsApp Image 2026 03 16 at 11.54.54 AM

 

UPPL -BJP Conflict:

একপ্ৰকাৰ চূড়ান্ত হ’ল প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ এনডিএ ত্যাগ। মাথোঁ সৌসিদিনা এনডিএৰ সমর্থনত ৰাজ্যসভালৈ ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়ো বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সত্ত্বেও মিত্ৰজোঁটটোৰ মূল অংশীদাৰ বিজেপিৰ আচৰণত ক্ষুব্ধ হৈছে বড়ো ভূমিৰ আঞ্চলিক দলটো। গতিকে এনডিএ ত্যাগৰ ইংগিত দি দেওবাৰে ইয়াত এখন সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয় যে এই সম্পর্কীয় সিদ্ধান্ত সোমবাৰে ৰাজহুৱা কৰা হ’ব।

সংবাদমেলত ইউপিপিএল নেতাজনে সদৰী কৰা অনুসৰি শেহতীয়াভাৱে বিজেপিৰ শীর্ষ নেতাসকলে সংবাদ মাধ্যমৰ আগত ইউপিপিএল সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে। সেয়েহে যোৱা ১০ মাৰ্চত দলৰ কৰ্ণধাৰ সমিতিৰ সভাৰ সিদ্ধান্ত মর্মে এনডিএত ইউপিপিএলৰ সম্প্রতি স্থিতি কি সেই সম্পর্কত জনাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পত্র প্ৰেৰণ কৰা হয়।

ইয়াৰ উত্তৰ ১২ মাৰ্চৰ ভিতৰত জনাবলৈ বিজেপি সভাপতিক দলে অনুৰোধ জনায় যদিও তেওঁৰ পৰা আজিলৈ কোনো সঁহাৰি নাপালে। গতিকে দলৰ কৰ্ণধাৰ সমিতিয়ে এই পত্ৰ ৰাজহুৱা কৰাৰ বাবে আৰু দলীয়ভাবে কি কৰিব, কি নকৰিব সেই সম্পৰ্কত দলে সিদ্ধান্ত লৈছে। ১৩ মাৰ্চত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ৰাজহুৱা নকৰিলে বুলি সদৰী কৰি নাৰ্জৰীয়ে লগতে কয়, ‘সোমবাৰে এই সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ব।’

আজি আবেলি তিনি বজাত কোকৰাঝাৰস্থিত দলৰ কেন্দ্রীয় কার্যালয়ত ইউপিপিএলৰ প্ৰথমখন প্রার্থী তালিকাও প্রকাশ কৰা হ’ব বুলি নাৰ্জাৰীয়ে জনায়। তেওঁ লগতে জনোৱা মতে, দেওবাৰে গোটেই নিশা দলৰ শীর্ষ নেতাসকলৰ উপস্থিতিত দলৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব। উক্ত বৈঠকত প্রার্থী বাছনি, এনডিএত থকা-নথকাৰ সিদ্ধান্ত আৰু দলৰ পৰৱৰ্তী সিদ্ধান্ত সম্পর্কে সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি তেওঁ সদৰী কৰে।

আনহাতে প্রাক্তন মন্ত্রী চন্দন ব্ৰহ্মৰ দল ত্যাগৰ সম্পৰ্কত ইউপিপিএল নেতা নাৰ্জাৰীয়ে কয়, ‘তেওঁ আমাৰ দললৈ আহিছিল। আমি সন্মান জনালো। কাম কৰাৰ সুযোগ দিছিলো। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে পদত্যাগ কৰা বুলি দেখিবলৈ পাইছো। তেওঁৰ উজ্জ্বল ৰাজনৈতিক জীৱন কামনা কৰিলো।’

Exit mobile version