ইন্ধন সুৰক্ষাক লৈ ডাঙৰ সতর্কবাণী! 

৯০ দিনৰ তেল মজুত ৰাখিবলৈ কেন্দ্ৰক পৰামৰ্শ সংসদীয় কমিটিৰ

IMG 20260318 181018

Parliamentary committee:✒️ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে ভাৰতৰ ইন্ধন সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে সংসদীয় কমিটিয়ে। দেশত তেল যোগানৰ যিকোনো আকস্মিক বিঘিনি মোকাবিলা কৰিবলৈ অন্ততঃ ৯০ দিনৰ অপৰিশোধিত তেলৰ বাফাৰ ষ্টক সংৰক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱা হৈছে।

সংসদৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় স্থায়ী কমিটিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বৰ্তমান বিশ্ব পৰিস্থিতিত তেল যোগান শৃংখল অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে।

বিশেষকৈ মধ্যপ্ৰাচ্য অঞ্চলত বৃদ্ধি পোৱা উত্তেজনাই বিশ্বব্যাপী ইন্ধন সুৰক্ষাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে।

কমিটিৰ মূল্যায়ন অনুসৰি, বৰ্তমান ভাৰতৰ তেল মজুত ক্ষমতাই প্ৰায় ৪০ৰ পৰা ৪৫ দিনৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। এই পৰিমাণ বিশ্ব মানদণ্ডৰ তুলনাত যথেষ্ট কম বুলি কোৱা হৈছে।

এই পৰিপ্ৰেক্ষিতত ৯০ দিনৰ ইন্ধন মজুত ক্ষমতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয় বুলি কমিটীয়ে গুৰুত্ব আৰোপ কৰিছে।

প্ৰতিবেদনত কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হৈছে—দেশৰ কৌশলগত তেল ভাণ্ডাৰ (Strategic Petroleum Reserve) বিস্তাৰ কৰা,নতুন আণ্ডাৰগ্ৰাউণ্ড সংৰক্ষণ ব্যৱস্থা গঢ়ি তোলা,আৰু বিকল্প উৎসৰ পৰা তেল আমদানিৰ ব্যৱস্থা শক্তিশালী কৰা।

ইয়াৰ লগতে গৃহস্থালীৰ ইন্ধন ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিবলৈ LPG আৰু PNG যোগান ব্যৱস্থাতো অধিক মনোযোগ দিবলৈ কোৱা হৈছে।

বিশেষজ্ঞসকলৰ মতে, ভাৰত বিশ্বৰ অন্যতম বৃহৎ তেল আমদানিকাৰক দেশ হোৱাৰ বাবে এনে আগতীয়া প্ৰস্তুতি অতি প্ৰয়োজনীয়। যিকোনো আন্তঃৰাষ্ট্ৰীয় সংঘাত বা যোগান ব্যাহত হ’লে এই বাফাৰ ষ্টকে দেশৰ অৰ্থনীতি আৰু দৈনন্দিন জীৱনত ডাঙৰ ধৰণৰ প্ৰভাৱ পৰাৰ পৰা ৰক্ষা কৰিব পাৰে।

Exit mobile version