“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

কেন্দ্ৰীয় প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

Unemployment

Unemployment:✒️দেশত উচ্চশিক্ষাৰ হাৰ বৃদ্ধি পাইছে, যদিও তাৰ স’তে তাল মিলাই চাকৰিৰ সুযোগ বৃদ্ধি হোৱা নাই—এই কঠোৰ বাস্তৱতাক পুনৰ উন্মোচিত কৰিলে এক কেন্দ্ৰীয় প্ৰতিবেদন।

প্ৰতিবেদনখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভাৰতত গ্ৰেজুৱেট স্তৰৰ নিৱনুৱা এতিয়াও উচ্চ অৱস্থাতেই আছে, যিয়ে দেশৰ আৰ্থ-সামাজিক গাঁথনিৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা বৃদ্ধি কৰিছে।

তথ্য অনুসৰি, ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত থকা নিৱনুৱা যুৱকৰ মাজত প্ৰায় ৬৭ শতাংশই গ্ৰেজুৱেট। অৰ্থাৎ, শিক্ষাগত যোগ্যতা বৃদ্ধি পোৱাৰ লগে লগে চাকৰি লাভৰ নিশ্চয়তা বৃদ্ধি পোৱা নাই—বৰঞ্চ বহু ক্ষেত্ৰত বিপৰীত ছবিখনেই পোহৰলৈ আহিছে।

এই পৰিসংখ্যাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—উচ্চশিক্ষা লোৱাৰ পাছতো যুৱসমাজে কিয় উপযুক্ত কৰ্মসংস্থান লাভ কৰিব পৰা নাই?

বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূল কাৰণ হৈছে শিক্ষা ব্যৱস্থা আৰু কৰ্মবজাৰৰ মাজত থকা গভীৰ অসামঞ্জস্যতা, যাক সাধাৰণতে “Skill Mismatch” বুলি কোৱা হয়। বহু শিক্ষাৰ্থীয়ে থিওৰিটিকেল জ্ঞান লৈ শিক্ষা সম্পূৰ্ণ কৰে যদিও উদ্যোগখণ্ডে বিচৰা প্ৰায়োগিক দক্ষতা বা কাৰিকৰী পাৰদৰ্শিতা তেওঁলোকৰ মাজত অনুপস্থিত থাকে।

ইয়াৰ উপৰিও, দেশত প্ৰতি বছৰে বৃহৎ সংখ্যক গ্ৰেজুৱেট সৃষ্টি হ’লেও সেই অনুপাতে নতুন চাকৰি সৃষ্টি হোৱা নাই। এই “চাহিদা-যোগানৰ ব্যৱধান” (demand-supply gap) বেকাৰত্ব বৃদ্ধিৰ আন এক মুখ্য কাৰণ হিচাপে ধৰা হৈছে।

বিশেষকৈ নগৰাঞ্চলত এই সমস্যা অধিক স্পষ্ট। বহু শিক্ষিত যুৱক-যুৱতী নিজৰ যোগ্যতাৰ তুলনাত কম দৰমহাৰ চাকৰি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে অথবা দীঘলীয়া সময় ধৰি বেকাৰ হৈ থাকিবলৈ বাধ্য হৈছে।

অৰ্থনীতিবিদসকলৰ মতে, যদি এই পৰিস্থিতি দীৰ্ঘদিন অব্যাহত থাকে, তেন্তে ই দেশৰ উৎপাদনশীলতা, উপভোক্তা ক্ষমতা আৰু সামগ্ৰিক অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

এই সংকটৰ সমাধানৰ বাবে বিশেষজ্ঞসকলে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰামৰ্শ দিছে-দক্ষতা ভিত্তিক শিক্ষা ব্যৱস্থা শক্তিশালী কৰা,উদ্যোগ আৰু শিক্ষাপ্ৰতিষ্ঠানৰ মাজত সমন্বয় বৃদ্ধি কৰা,আৰু নতুন কৰ্মসংস্থানের সুযোগ সৃষ্টি কৰা।

ভাৰতৰ দৰে যুৱশক্তি-সমৃদ্ধ দেশত এই সমস্যাটো কেৱল এটা আৰ্থিক বিষয় নহয়—ই এটা বৃহৎ সামাজিক প্ৰত্যাহ্বান হিচাপেও দেখা দিছে।

Exit mobile version