Sleeping With Lights on:✒️নিশা শোৱাৰ সময়ত কোঠাৰ লাইট জুলাই ৰখা বা টিভি চলাই ৰখাটো বহুতৰে অভ্যাস। কোনোবাই আন্ধাৰত ভয় কৰে, কোনোবাই আকৌ টিভিৰ শব্দত শুবলৈ স্বস্তি পায়। অথচ বহু চিকিৎসকৰ মতে, এই অভ্যাস দীর্ঘদিনীয়া হ’লে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
একাংশ বিশেষজ্ঞই জনাইছে যে মানুহৰ শৰীৰত এটা প্রাকৃতিক বডী ক্লক বা দৈহিক ঘড়ী আছে, যাক চার্কাডিয়ান ৰিডম বুলি কোৱা হয়। এই ঘড়ীয়ে দিন-ৰাতিৰ পোহৰ-অন্ধকাৰ অনুসৰি কাম কৰে।
নিশা অন্ধকাৰ হ’লে শৰীৰত মেলাট’নিন নামৰ এবিধ হৰম’ন বাহিৰ হয়, যি টোপনি অহাত সহায় কৰে। অথচ কোঠাত লাইটৰ বা টিভিৰ পৰ্দাৰ পোহৰ থাকিলে এই হৰম’নৰ নিঃসৰণ কমি যায়। ফলত টোপনিৰ মান বেয়া হয়।
টিভি চলাই শুলে কেৱল পোহৰেই নহয়, টিভিৰ শব্দ আৰু পৰ্দাৰ পৰিৱৰ্তনশীল পোহৰেও মস্তিষ্কক আংশিকভাৱে সক্ৰিয় কৰি ৰাখে। ইয়াৰ ফলত শৰীৰ গভীৰ নিদ্রাত যাব নোৱাৰে। ফলত পুরা শোৱাৰ পৰা উঠাৰ পাছতো ক্লান্তি অনুভৱ হৈ থাকে।
কেৱল টোপনিৰ সমস্যাই নহয়, এই অভ্যাসে শৰীৰৰ হৰম’নৰ ভাৰসাম্যতো প্রভাৱ পেলাব পাৰে। গৱেষণাত দেখা গৈছে যে নিশা কৃত্রিম পোহৰত শৰীৰৰ মেটাবলিজম বা শক্তি ব্যৱহাৰৰ প্ৰক্ৰিয়া ব্যাহত হ’ব পাৰে। দীর্ঘদিন এইদৰে চলিলে ওজন বৃদ্ধি, স্থূলতা বা মেটাবলিক সমস্যাৰ আশংকা বৃদ্ধি পাব পাৰে।
আন কিছু গৱেষণাত কোৱা হৈছে যে নিশা পোহৰত শুলে স্বাভারিক হৰম’নৰ চক্ৰ নষ্ট হ আৰু নিদ্ৰাৰ গুণমান হ্রাস পায়। ফলত লাহে লাহে শৰীৰত নানা সমস্যাই দেখা দিব পাৰে।
যেনে ক্লান্তি, মনোযোগ হ্রাস পোৱা বা হৰম’নজনিত সমস্যা।চিকিৎসকসকলৰ মতে, ভাল টোপনিৰ বাবে কিছুমান সহজ নিয়ম মানি চলাটো জৰুৰী। যেনে শোৱাৰ পূৰ্বে টিভি বা ম’বাইল বন্ধ কৰা, ঘৰ অন্ধকাৰ কৰি ৰখা তথা নির্দিষ্ট সময় মানি শুবলৈ যোৱা। ইয়াৰ ফলত শৰীৰে বুজিব পাৰে যে এতিয়া বিশ্রামৰ সময় হৈছে।
সকলো মিলাই ক’ব পাৰি যে লাইট জ্বলাই বা টিভি চলাই শোৱাটো বহুতৰে স্বাভাৱিক হ’লেও সেয়া দীর্ঘম্যাদী হ’লে শৰীৰৰ হৰম’ন আৰু মেটাবলিজমত প্রভাৱ পৰিব পাৰে। সেয়ে ভাল নিদ্রা আৰু সুস্থ থাকিবলৈ নিশা যথাসম্ভব অন্ধকাৰ আৰু শান্ত পৰিৱেশত শোৱাটোৱেই শ্রেয়।
