BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !

তীব্ৰ উৎকঠা প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ, এজন প্ৰাক্তন সভাপতি সহ পাঁচ বিধায়ক টিকট লাভৰ পৰা বঞ্চিত !

WhatsApp Image 2026 03 18 at 5.13.56 PM

BJP Candidate List:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৮৯জনীয়া প্ৰাৰ্থী তালিকা বুধবাৰে নিশাই ঘোষণা কৰাৰ সম্ভাৱনা । আনহাতে তীব্ৰ উৎকণ্ঠা বাঢ়িছে প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ মাজত ৷ মঙলবাৰে জেপি নাড্ডাৰ নতুন দিল্লীস্থিত বাসগৃহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতীন নবীনৰ সভাপতিত্বত বহা কেন্দ্ৰীয় ক’ৰ কমিটিৰ বৈঠকত প্ৰাৰ্থীত্বৰ তালিকা চুড়ান্ত কৰাৰ পিছত বুধবাৰে সন্ধিয়া ৭বজাত বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠকে অনুমোদন জনোৱাৰ পিছত ৰাজহুৱা কৰা হ’ব বহুচৰ্চিত ৮৯ জনীয়া প্ৰাৰ্থী তালিকা ৷

আনহাতে এক বিশ্বস্ত সূত্ৰে লাভ কৰা তথ্য অনুসৰি টিকট কটা গৈছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সহ ৫ বিধায়কৰ ৷ টিকট লাভৰ পৰা বঞ্চিত দুৰ্ভগীয়া বিধায়ক কেইগৰাকী হ’ল বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া , দিছপুৰৰ বিধায়ক অতুল বৰা আৰু পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ ৷ অৱশ্যে সকলো স্পষ্ট হ’ব দলীয়ভাৱে প্ৰাৰ্থীত্ব তালিকাৰ ঘোষণাত ৷

Exit mobile version