BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

সন্ধিয়া ৭বজাত বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠক, ৮৯ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে

WhatsApp Image 2026 03 18 at 2.11.30 PM

BJP Parliamentary Comittee Board:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মঙলবাৰে বিজেপিৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত দলৰ ৰাষ্ট্ৰীয় সভাপতি নিতীন নবীনৰ পৌৰোহিত্যত অনুস্থিত বিজেপিৰ কেন্দ্ৰীয় ক’ৰ কমিটিৰ বৈঠকত বিজেপিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰাৰ সমান্তৰালভাৱে মিত্ৰদল অগপ আৰু বিপিএফক এৰি দিবলগীয়া সমষ্টি সমূহো চুড়ান্ত কৰা হয় ৷

আনহাতে বুধবাৰে বিজেপিৰ সৰ্বোচ্চ ক্ষমতাশালী কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব সন্ধিয়া ৭ বজাত ৷ এই বৈঠকতে প্ৰাৰ্থী তালিকাত অনুমোদন দিয়াৰ সম্ভাৱনা আছে ৷ এনেক্ষেত্ৰত আজি নিশা বা বৃহস্পতিবাৰে পুৱা ভাগতে বিজেপিৰ ৮৯ খন আসনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব ৷

উল্লেখ্য যে বুধবাৰে ৰাষ্ট্ৰীয় সভাপতি নিতীন নবীনৰ পৌৰোহিত্যত অনুস্থিত বিজেপিৰ কেন্দ্ৰীয় ক’ৰ কমিটিৰ বৈঠকতে বিজেপিৰ মিত্ৰদলৰ সমষ্টি সমূহো চুড়ান্ত কৰা হয় ৷ সেই অনুসৰি অগপক ২৬ আৰু বিপিএফক ১১ খন আসন এৰি দিয়া হয়।

লক্ষ্যণীয়ভাৱে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলক এনডিএৰ পৰা আঁতৰাই ৰাখি বিজেপিয়ে আন ৩ মিত্ৰদলৰ স’তেহে আসন বুজাপৰা চুড়ান্ত কৰে ৷ অৱশ্যে দিছপুৰৰ পৰা সমদূৰত্ব বতাই ৰাখি ইউপিপিএলে ইতিমধ্যেই প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল ৷ আনকি বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া তামুলপুৰত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো নিজেই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ৷

মনকৰিবলগীয়া যে তামুলপুৰত বিজেপিৰ প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা আছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

Exit mobile version