ইৰান-ইজৰাইলৰ যুদ্ধ বন্ধ নহ’লে বিশ্বত ৪.৫ কোটি মানুহ ক্ষুধা সংকটৰ সন্মুখীন হ’ব

IMG 20260319 154623

Iran Israel Conflict:✒️ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কার্যসূচী (ডব্লিউএফপি) য়ে সকীয়নি দি কয় যে আমেৰিকা, ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ অব্যাহত থাকিলে বিশ্বত ক্ষুধা আক্রান্ত লোকৰ সংখ্যা অভিলেখ পর্যায়ত উপনীত হ’ব পাৰে।

ডব্লিউএফপিৰ মতে পূৰ্বৰে পৰা পৰিবৰ্তিত বতৰ, যুদ্ধ আৰু আকালসদৃশ পৰিস্থিতিৰ কাৰণত বিশ্বৰ প্রায় ৩২ কোটি লোক গভীৰ খাদ্য সংকটৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত যদি মধ্য প্রাচ্যত যুদ্ধ দীঘলীয়া হয়, তেন্তে বিশ্বত পুনৰ ৪.৫ কোটি লোক খাদ্য সংকটৰ সম্মুখীন হ’ব। ডব্লিউএফপিৰ উপ-কার্যবাহী সঞ্চালক কার্ল স্কাউবে জেনেভাত এই কথা সদৰী কৰি কয় যে মধ্য প্রাচ্যত অব্যাহত থকা যুদ্ধৰ তিনি সপ্তাহ সম্পূর্ণ হ’ল আৰু ইতিমধ্যে এই যুদ্ধৰ কাৰণত বিশ্বজুৰি খাদ্য আৰু ইন্ধনৰ মূল্য দ্রুত বৃদ্ধি পাইছে।

এই কাৰণত বিশ্বজুৰি সাধাৰণ লোকৰ বাবে দৈনন্দিন খাদ্য সামগ্রী ক্রয় কৰাটো কঠিন হৈছে। স্কাউৰ মতে মধ্য প্রাচ্যৰ এই সংকট যিমানে দীঘলীয়া হ’ব, সিমানে বিশ্বত খাদ্য সংকটত ভোগা লোকৰ সংখ্যা অধিক বৃদ্ধি পাব।

জুনলৈকে এই যুদ্ধ অব্যাহত থাকিলে আৰু খাৰুৱা তেলৰ মূল্য প্রতি বেৰলত ১০০ ডলাৰৰ অধিক হ’লে বিশ্বত পুনৰ ৪.৫ কোটি লোক খাদ্য সংকটৰ সন্মুখীন হ’ব বুলি স্কাউৱে সকীয়াই দিলে।

Exit mobile version