Congress:✒️অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা আজি প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ বাবে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ সংগ্ৰহ কৰে।
এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বৰছলা সমষ্টিৰ প্ৰাৰ্থী ৰিপুন বৰা, দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, ধেমাজি সমষ্টিৰ প্ৰাৰ্থী শৈলেন সোণোৱাল, হাজো-শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী নন্দিতা দাস আৰু জাগীৰোড সমষ্টিৰ প্ৰাৰ্থী বুবুল দাস।
প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰপৰা এই নিৰ্বাচনী ফৰ্ম সংগ্ৰহ কৰা প্ৰাৰ্থীসকলৰ অধিকাংশই কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
একেদৰে কাইলৈও কেবাগৰাকীয়ে প্ৰাৰ্থীয়ে এই ফৰ্ম সংগ্ৰহ কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা সদৰী কৰিছে।
