BJP:✒️সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট প্ৰকট হৈ পৰিছে । ইয়াৰ পৰা হাত সাৰি যোৱা নাই গহপুৰ বিধান সভা সমষ্টিও। এসময়ত কংগ্ৰেছৰ দূৰ্গ হিছাপে খ্যাত গহপুৰ বিধান সভা সমষ্টিৰ সেই সময়ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা প্ৰক্তন মন্ত্ৰী ৰিপুন বৰা তৃনমূলত যোগদান কৰাৰ সময়ত দলৰ সমৰ্থক সকলক একগোট কৰাৰ ক্ষেত্ৰত গাঠিৰ ধন খৰছ কৰি উঠি-পৰি লাগিছিল দিনেন কুমাৰ পেগুৱে।
সম্প্ৰতি বিধান সভা নিৰ্বাচনত গহপুৰ সমষ্টিত কংগ্ৰেছ দলৰ পৰা দলীয় প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ আছিল পেগু । মুৰকট দলীয় হাইকামাণ্ডে দলত নতুনকৈ যোগদান কৰা ড° শংকৰ জ্যোতি কুটুমক প্ৰাৰ্থীত্ব প্ৰদান কৰাত দিনেন কুমাৰ পেগুৱে কংগ্ৰছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰি গহপুৰ সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হ’ব বুলি জনায়।
আজি দিনেন পেগুৰ ধেনুধৰাস্থিত নিজৰ বাসগৃহত আয়োজিত এক নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ বহু কেইগৰাকী জ্যষ্ঠ কৰ্মী লগতে প্ৰায় শতাধিক লোকে ৰাইজৰ দলত আনুস্থানিক ভাবে যোগদান কৰে । কংগ্ৰেছ দলৰ এনে মতবিৰোধে কংগ্ৰেছ দলক শ’লঠেকত পেলোৱাৰ বিপৰীতে বিৰুধী বিজেপি দলক উপকৃত কৰিব বুলি সম্প্ৰতি ৰাইজৰ মাজত চৰ্চা চলা পৰিলক্ষিত হৈছে । এক প্ৰকাৰ ৰাইজৰ দলত যোগদান কৰি দিনেন পেগুৰ হুংকাৰ ৷
