বিজেপিৰ তালিকাত মহিলা শক্তি !

1200 675 23901028 991 23901028 1743903365433 1

Bjp:✒️আহিবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত এইবাৰ কিছুসংখ্যক মহিলা প্ৰাৰ্থীক আগবঢ়োৱা হৈছে। দলটোৱে ইয়াক “মহিলা সশক্তিকৰণ”ৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বাস্তৱ ছবিখন লৈ ৰাজনৈতিক মহলত ইতিমধ্যে তীব্ৰ আলোচনা আৰম্ভ হৈছে।

বীৰছিং জৰুৱাত মাধৱী দাস, ছমৰিয়াত জ্যোৎস্না কলিতা, মঙলদৈত নীলিমা দেৱী, গোলাঘাটত অজন্তা নেওগ, ডিফু (এছটি)ত নিছ’ তেৰাংপী আৰু হাফলং (এছটি)ত ৰূপালী লাংথাছা—এইসকলেই এইবাৰ বিজেপিৰ মহিলা মুখ হিচাপে নিৰ্বাচনী মঞ্চত নামিব।

এই তালিকাই একপক্ষত মহিলা প্ৰতিনিধিত্বৰ সংকেত দিয়ে যদিও আনপক্ষত প্ৰশ্নও উত্থাপন কৰে,সমগ্ৰ তালিকাৰ তুলনাত এই উপস্থিতি যথেষ্ট নে? বহু বছৰ ধৰি দলৰ বাবে কাম কৰি অহা মহিলা কৰ্মীসকলৰ মাজত টিকট বঞ্চনাৰ ক্ষোভো নীৰৱে বাঢ়ি থকা বুলি কোৱা হৈছে।

গোলাঘাটত অজন্তা নেওগৰ দৰে অভিজ্ঞ নেত্ৰী থকাৰ পাছতো অধিকাংশ ঠাইত নতুন মুখৰ ওপৰত ভৰসা কৰা হৈছে, যি নিৰ্বাচনী ফলাফলত কিমান প্ৰভাৱ পেলাব সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।

Exit mobile version