Dibrugarh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:দিছপুৰ মচনদৰ পৰা বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটৰ পৰা টিকট কেন্দ্ৰীক সংঘাতৰ পৰা আঁতৰি থকা ৰাইজৰ দল পুনৰ একলগ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । লুৰিণজ্যোতি গগৈ জন ইংতি কাথাৰ আৰু চিপিএমৰ স’তে আসন বুজাপৰা কংগ্ৰেছে সম্পন্ন হোৱাৰ ইতিমধ্যে দল কেইটাই নিজৰ প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে ৷একেদৰে কংগ্ৰেছ আৰু ৰাইজৰ দলেও দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷
কংগ্ৰেছৰ স’তে ৰাইজৰ দলৰ মতানৈক্য হোৱাৰ আন কেইখন হ’ল ধি,দলগাঁও আৰু মন্দিৰা ৷ বুধবাৰে ড:হীৰেন গোঁহাই আৰু অজিত কুমাৰ ভূঞা সহ প্ৰায় ডেৰ শতাধিক লেখক – বুদ্ধিজীৱীয়ে অখিল গগৈলৈ বিজেপিক উৎখাতৰ স্বাৰ্থত বিৰোধী দল সমূহ ঐক্যবদ্ধ হোৱাৰ সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছিল ৷
হয়তো এই পত্ৰ পাছতে কিছু নৰম হৈছে অখিল গগৈ ৷একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও পুনৰ আলোচনা কৰাৰ মানসেৰে নিশা অখিল গগৈৰ স’তে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷সেই অনুসৰি বৃহস্পতিবাৰে পুনৰ কংগ্ৰেছ-ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড়ৰ চৌকিডিঙীৰ হোটেল টী কাউন্টীত অনুষ্ঠিত হয় গৌৰৱ গগৈ আৰু অখিলৰ টিকট কেন্দ্ৰীক বৈঠক ৷ কিন্ত বিয়লিকৈ দুয়ো নেতাৰে হোৱা বৈঠকত নোলাল সমাধানসূত্ৰ। অমিমাংসাৰে আধাৰুৱা হয় আলোচনা ৷ যাৰবাবে দুয়ো নেতাই আলোচনা কক্ষ এৰে ৷ এনে প্ৰেক্ষাপটত কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত মিত্ৰতা হৈ উঠিবনে নুঠে সেয়া এতিয়া সকলোৰে বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷
