Horoscope:✒️মেষ: যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কম। হঠাৎ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা। শুভ সংখ্যা ১।
বৃষ: কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল। ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা। প্ৰেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
মিথুন: কর্মক্ষেত্রত সহকর্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন-দেনত গুৰুতৰ পৰামৰ্শ লোৱা বাঞ্ছনীয়। অভিনেতা-অভিনেত্ৰীসকলৰ কার্যদক্ষতা হ্রাস পাব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
কর্কট: নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তি যোগ। ভাবি থকা কামত বাধাৰ কাৰকতা। পতি-পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা। দেহভাৱ স্বাভাবিক। শুভ ৰং কমলা। শুভ সংখ্যা ২।
সিংহ: অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সম্মান বৃদ্ধি। কর্ম আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাৱ যথাযথ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
কন্যা: কর্মত অগ্রিম পদোন্নতি। মনোবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা। পুত্র বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সম্ভাব্য স্থলত অপতা লাভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
তুলা: প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব। কিন্তু সামগ্রিকভাৱে সমগ্ৰ দিনটো অনুকূল প্ৰভাৱ থাকিব। বুদ্ধিৰো উন্নত ফল।শুভ ৰং নীলা। শুভ সংখ্যা ৭।
বৃশ্চিক: শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ কাৰক। কোনো বিষয়তে ভাৱপ্ৰৱণতা বা ৰুক্ষতা বৰ্জন কৰাই উচিত। ভ্রমণত মধ্যম। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।
ধনু: উন্নত সংযোগ। ভ্রমণত সাধাৰণ ব্যাঘাত। আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কাৰ্যকৰী। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।
মকৰ: পাৰিপাৰ্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব। শুভ ৰং ক’লা। শুভ সংখ্যা ১।
কুম্ভ: মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কর্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থভাগ্যৰ সুযোগ। দাম্পত্য জীৱন মধুৰ হ’ব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মীন: অবাস্তৱ কথাৰ মাজত কষ্ট পাব। যোগাযোগত সুফল কম পাব। শৰীৰ সম্পৰ্কে উদাসতা। খৰচ-পাতি বৰ্জন কৰক। উপর্যুপৰি দায়িত্বৰ কাৰক। প্ৰেমত শুভ সংযোগ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।
