বাচন ঘঁহা স্পঞ্জৰ পৰা নির্গত হয় প্লাষ্টিক-কণা

সম্প্রতি এক গৱেষণাই জনালে

1774203968 kitchen 1

Kitchen Sponge:✒️বাছন মাজাৰ সময়ত সেই স্পঞ্জৰ পৰা নিৰ্গক হয় প্লাষ্টিকৰ কণা। সেই কণাই কেৱল মানুহেই নহয়, পৰিৱেশৰো ক্ষতি কৰে। বাছন মাজাৰ সময়ত সেই স্পঞ্জৰ পৰা কিমান প্লাষ্টিকৰ কণা বাহিৰ হয়, তাক লৈয়ে সম্প্রতি এক গবেষণা কৰিছিল এদল বিজ্ঞানীয়ে। এটুকুৰা স্পঞ্জৰ পৰা যিমানখিনি প্লাষ্টিকৰ কণা বাহিৰ হয়, সিবোৰে পৰিৱেশত কিমান ক্ষতি কৰিব পাৰে, সেই বিষয়টোও চালিজাৰি চাইছে বিজ্ঞানীসকলে।

সেই পৰিমাণ কিন্তু একেবাৰে কম নহয়। নির্দিষ্ট একপ্ৰকাৰৰ স্পঞ্জ যদি নির্দিষ্ট এখন দেশৰ ঘৰে ঘৰে ব্যৱহাৰ কৰা হয়, তেনেহ’লে বছৰী কে’বা টন প্লাষ্টিকৰ কণা প্ৰকৃতিত মিহলি হ’ব পাৰে।

‘এনভায়ৰণমেন্টেল এডভান্স’ জার্ণেলত এই বিষয়ত এক প্রতিবেদন প্রকাশ কৰিছে গৱেষকৰ দলটোৱে। জার্মানী আৰু উত্তৰ আমেৰিকাৰ বহুসংখ্যক ঘৰত সমীক্ষা চলায় গবেষণাকাৰীসকলৰ এটা দলে। সমীক্ষাত দেখা গৈছে যে বাছন মাজিবলৈ প্রধানকৈ তিনি প্ৰকাৰৰ স্পঞ্জ ব্যৱহাৰ কৰে তেওঁলোকে।

এটুকুৰা স্পঞ্জ ব্যৱহাৰ কৰাৰ পূৰ্বে তাক ওজন কৰি ৰখা হয়। ব্যৱহাৰৰ পাছতো সেই স্পঞ্জৰ ওজন কৰা হয়। তাতেই দেখা গৈছে যে এটা পৰিয়ালত গড়ে এজন মানুহৰ বাছন মাজিবলৈ এবছৰত যিমান স্পঞ্জ ব্যৱহাৰ কৰা হয়, তাৰ পৰা ০.৬৮ৰ পৰা ৪.২১ গ্রাম প্লাষ্টিকৰ কণা বাহিৰ হয়। এবছৰৰ সময়ত গড়ে সেই প্লাষ্টিক কণা বাহিৰ হৈছে।

যি স্পঞ্জত প্লাষ্টিকৰ পৰিমাণ কম, তাৰ পৰা কম পৰিমাণৰ প্লাষ্টিক বাহিৰ হয়। বিজ্ঞানীসকলে কয় যে স্পঞ্জৰ পৰা এনেয়ে প্লাষ্টিকৰ কণা সৰি নপৰে। যেতিয়া ই পানী শোষণ কৰে, তেতিয়া স্পঞ্জৰ পৰা প্লাষ্টিকৰ কণা বাহিৰ হয়।

সেই কণা পানীৰ লগত মিলি যায়, যি পৰিৱেশত প্রভাব পেলায়। গৱেষণাত তেওঁলোকে দেখিছে যে জাৰ্মানীত কে’বা প্ৰকাৰৰ স্পঞ্জ ব্যৱহাৰৰ সময়ত তাৰ পৰা অধিক পৰিমাণৰ প্লাষ্টিক কণা বাহিৰ হয়। আনবোৰৰ ক্ষেত্ৰত সেই পৰিমাণ কম।

বিজ্ঞানীসকলে জনাইছে যে সেই নির্দিষ্ট প্ৰকাৰৰ স্পঞ্জ যদি জার্মানীৰ প্ৰতিটো পৰিয়ালে ব্যৱহাৰ কৰে, তেনেহ’লে প্রতি বছৰে ৩৫৫ মেট্রিক টন প্লাষ্টিক কণা নিঃসৃত হয়। সেইবোৰ পানীৰ স’তে বৈ যায়। সেই পানী ‘ওরেষ্ট বাটাৰ ট্রিটমেন্ট প্লেন্টছ’ত শোধন কৰিলেও বহু টন প্লাষ্টিক কণা অপৰিৱৰ্তিত হৈয়েই থাকে।

সেইবোৰ পানীৰ লগত মাটি, পৰিৱেশত মহিলি হৈ পৰে। গবেষণাত দেখা গৈছে যে বাছন মাজাৰ স্পঞ্জৰ পৰা পৰিৱেশৰ যিমান ক্ষতি হয়, তাৰ ৮৫ৰ পৰা ৯৭শতাংশ হয় পানীৰ মাধ্যমেৰে।

বাছন মাজাৰ স্পঞ্জৰ পৰা প্লাষ্টিক কণা নির্গত হৈ পৰিৱেশত মিহলি হোৱাটো কিদৰে ৰোধ কৰা সম্ভর? বিজ্ঞানীসকলে জনাইছে যে তিনিটা উপায়েৰে কিছু পৰিমাণে সম্ভৱ। প্রথমতে, বাছন মাজাৰ সময়ত যথাসম্ভৱ কম পানীৰ ব্যৱহাৰ। দ্বিতীয়তে, যি স্পঞ্জত প্লাষ্টিকৰ পৰিমাণ কম, সেইবোৰৰ ব্যৱহাৰ।

তৃতীয়তে, যিমান সম্ভৱ বেছিদিনলৈ একেটা স্পঞ্জৰে ব্যৱহাৰ। স্পঞ্জ যিমান বেছিকৈ ব্যৱহাৰ কৰা হয়, সিমানেই ইয়াৰ ক্ষয় কমি যায়। সেই ক্ষেত্ৰত এটুকুৰা স্পঞ্জ দীর্ঘ দিন ব্যৱহাৰ কৰিলে পৰিৱেশ কিছু পৰিমাণে হ’লেও ৰক্ষা পৰিব।

Exit mobile version