Horoscope :✒️মেষ: ব্যৱসায়ৰ ক্ষেত্ৰত খৰচ বৃদ্ধি। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। কামৰ চাপ বৃদ্ধি হ’ব। স্ত্ৰীৰ লগত অলপ বিবাদ হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষ: নতুন গৃহ নির্মাণ হোৱাৰ সম্ভাৱনা। চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে। অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। প্ৰেমত বাধা আহিব। শুভ ৰং বগা। শুভ সংখ্যা-২।
মিথুন: আর্থিক দিশত অশান্তি হ’ব পাৰে। অতিৰিক্ত অৰ্থ লাভৰ আশাই সমস্যা সৃষ্টি কৰিব। বিজ্ঞান চর্চায় অগ্ৰগতিৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ পৰা সাৱধানে থাকক। শুভ ৰং ছাই ৰং। শুভ সংখ্যা ৫।
কর্কট: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। ব্যৱসায় দিশত অশান্তি হ’ব পাৰে। বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
সিংহ: সম্পত্তিৰ অধিকাৰ লৈ বিবাদ হ’ব পাৰে। ব্যৱসায় দিশত ভাল যোগাযোগ আহিব পাৰে। বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভৱনা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
কন্যা: স্বাস্থ্য অশান্তিৰ বাবে ব্যৱসায় সমস্যা হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ। শুভ ৰং কমলা। শুভ সংখ্যা ৬।
তুলা: চাকৰিৰ স্থান সলনি হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰক। কৰ্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
বৃশ্চিক: ভ্ৰমণৰ দিশত শুভ ফল। অতিৰিক্ত আবেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে। উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে। প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।
ধনু: আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তাৰ বৃদ্ধি। ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হৈ যায়। যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামৰ্শ লৈ লওক। শুভ ৰং মাখন। শুভ সংখ্যা ২।
মকৰ : ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। মা-দেউতাৰ শৰীৰ লৈ চিন্তা বাঢ়িব। শত্ৰুৰ পৰা সাৱধানে থাকক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
কুম্ভ: বিদ্যার্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। কর্মক্ষেত্রত উন্নতিৰ যোগ দেখা যায়। ভ্রাতৃ বিবাদ বাঢ়িব পাৰে। মানসিকভাৱে চাপ বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
মীন: সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাবে চাব বৃদ্ধি। কমস্থানত বহু দিনৰ পাছত নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটিব পাৰে। ব্যৱসায় ক্ষেত্রত শুভফল। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৯।
