তুমুল বৰষুণৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই তুলিলে বেঙ্গালুৰু (Bengaluru)ৰ শিবাজীনগৰ অঞ্চল।বাওৰিং আৰু লেডী কাৰ্জন চিকিৎসালয় ( Bowring and Lady Curzon Hospital)ৰ এখন দীঘল দেৱালৰ এটা অংশ হঠাৎ ভাঙি ফুটপাথত আশ্ৰয় লোৱা লোকসকলৰ ওপৰত পৰে।
বুধবাৰে সন্ধিয়া সংঘটিত এই ঘটনাত দুজন শিশু সহ মুঠ সাতজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও আন সাতজন গুৰুতৰভাৱে আহত হৈছে, যাৰ ভিতৰত কেবাজনৰ অৱস্থা সংকটজনক । ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
অভিযোগ অনুসৰি, কেবাশতাব্দী পুৰণি এই দেৱালখনৰ ওপৰত নতুনকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। তুমুল বৰষুণৰ চাপ সহ্য কৰিব নোৱাৰি দেৱালৰ এটা অংশ ধ্বস নামি পৰে। স্থানীয় বিধায়ক ৰিজৱান আৰশাদে (Rizwan Arshad)জানিবলৈ দিয়ে যে সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয় আৰু বজ্ৰপাতসহ তুমুল বৰষুণৰ ফলতেই এনে ঘটনা ঘটিব পাৰে।
বতৰ বিভাগৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া ৫.৩০ বজালৈকে চহৰখনত ৭৮ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে।সিদ্ধাৰামাইয়া( Siddaramaiah)ৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ফুটপাথত একত্ৰিত হোৱা লোকসকলৰ ওপৰত দেৱালখন ধ্বস নামি পৰে, যাৰ ভিতৰত পথচাৰী আৰু হকাৰসকলো আছিল।
উল্লেখযোগ্য যে, এই চৰকাৰী চিকিৎসালয়খন এখন ঘনবসতিপূৰ্ণ অঞ্চলত অৱস্থিত আৰু প্ৰতিদিনে ইয়াত বহু লোকৰ আগমন-নিগমন থাকে।
চিকিৎসালয়ৰ পাৰ্শ্বৱৰ্তী ফুটপাথত থকা হকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে স্থাপন কৰা অস্থায়ী আশ্ৰয়স্থলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল বহু লোক, যাৰ ফলতেই তেওঁলোক এই মাৰাত্মক দুৰ্ঘটনাৰ চিকাৰ হয়।
