আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

এখন নতুন মহাসাগৰ সৃষ্টিৰ সম্ভাৱনা: গভীৰ চিন্তাৰ বিষয় বুলি উল্লেখ বিজ্ঞানীৰ

images 3

Eastern Africa:✒️ বিশ্বৰ একাংশ অতি দৰিদ্ৰ দেশো থকা আফ্রিকা মহাদেশৰ বৃহৎ অংশ নিশ্ছিন্ন হৈ এখন নতুন মহাসাগৰ সৃষ্টিৰ আশংকা প্রবল হৈছে। একাংশ বিশেষজ্ঞই আঙুলিয়াই দিছে যে আফ্রিকা মহাদেশ অৱস্থিত স্থানত পৃথিৱীৰ খোলাত ভাঙোন ধৰিছে। এই ভাঙোনৰ ফাট ক্রমে বৃহৎ হোৱাৰ আশংকা আছে।

এনেদৰে মূৰকত জনবসতিপূর্ণ মহাদেশখনত এখন প্রকাণ্ড মহাসাগৰ সৃষ্টিৰ আশংকা প্রবল হৈছে। পৃথিৱীৰ খোলাটোত এনেদৰে ফাট মেলাৰ ঘটনাই জীৱাশ্ম অধ্যয়নৰ দিশতো নতুন সমল যোগাব বুলি বিশেষজ্ঞসকলে আশা কৰিছে।

বিশেষজ্ঞসকলৰ মতে পূব আফ্রিকাৰ তুর্কানা ফাট প্রাগ ঐতিহাসিক মানৱ জীৱাশ্মৰ এক চহকী ভাণ্ডাৰ। এই অঞ্চলত ভূতাত্ত্বিক ফলকৰ স্থান পৰিৱৰ্তনৰ ফলত প্রচণ্ড আগ্নেয়গিৰিৰ সৃষ্টি হয়।

শেহতীয়াভারে বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে এই অঞ্চলৰ ভূগর্ভত পৃথিৱীৰ খোলাটোত ফাট মেলিবলৈ বৰিছে। এই তুর্কানা ফাট কেনিয়া আৰু ইথিওপিয়াক সামৰি প্রায় পাঁচশ কিলোমিটাৰ দৈৰ্ঘ্য ধৰি বিস্তৃত হৈ আছে। শেহতীয়াভাবে এই অঞ্চলটোৰ তলত পৃথিৱীৰ খোলাটো ক্ষীণ হ’বলৈ ধৰিছে।

এই সম্পর্কত কলম্বিয়া বিশ্ববিদ্যালয়ৰ লেমন্ট-ড’হাটী আর্থ অবজাৰভেটৰীৰ পিএইছডিৰ ছাত্ৰ খ্রীষ্টিয়ান ৰ’ৱানে কয়, ‘আমি দেখা পাইছো যে আফ্রিকা মহাদেশৰ তলত পৃথিৱীৰ খোলাটো অধিক ক্ষীণ হ’বলৈ ধৰিছে। খোলাটোৰ ফাট অধিক ডাঙৰ হৈছে। পূর্বে ধাৰণা কৰাতকৈ এই ফাট বেগত বিস্তৃত হৈছে।’

এই তথ্য প্ৰকাশৰ বাবে গৱেষক ছাত্রজনে ভূকম্পন সম্পৰ্কীয় উচ্চমানৰ তথ্য পৰীক্ষা কৰে। তেওঁক এই ক্ষেত্ৰত সহযোগ কৰে তুর্কানা বেছিন ইনষ্টিটিউটেও। গৱেষকজনে প্ৰকাশ কৰা অনুসৰি এই ফাটৰ কেন্দ্ৰত পৃথিৱীৰ খোলাটো ১৩ কিলোমিটাৰ ডাঠ। ফাটটোৰ পৰা আঁতৰত ই ৩৫ কিলোমিটাৰ অঞ্চলক সামৰি লৈছে। গতিকে ভৱিষ্যতে আফ্রিকা নিশ্ছিন্ন হৈ এখন নতুন মহাসাগৰ সৃষ্টিৰ আশংকা কৰিছে গৱেষক বিজ্ঞানীসকলে।

এই সম্পর্কত গৱেষক ৰৱানে কয়, ‘যিমানে খোলাটো ক্ষীণ হয়, সিমানেই ই দুৰ্বল হৈ পৰে। ফলত ফাট অব্যাহত থাকে।’ একেদৰে এন বেকেল নামৰ ভূপদার্থবিদগৰাকীয়ে কয়, ‘আমি এক জটিল সন্ধিক্ষণত উপনীত হৈছো। ভৱিষ্যতে পৃথিৱীৰ খোলাটো আফ্রিকাত দুভাগত বিভক্ত হোৱাৰ আশংকা আছে।’

উল্লেখ্য যে কেতবোৰ অধ্যয়ন অনুসৰি পৃথিৱীত পূর্বে এনে ধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাছিল। অর্থাৎ কোনো মহাদেশ সম্পূৰ্ণৰূপে বিভক্ত হৈ সাগৰ বা মহাসাগৰ সৃষ্টি হোৱা নাছিল। গতিকে আফ্ৰিকাৰ ক্ষেত্ৰত কিয় এনে হৈছে সেয়া চিন্তাৰ বিষয় বুলি ভূপদার্থবিদ গৰাকীয়ে মন্তব্য কৰিছে।

Exit mobile version