নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

বান্দৰৰ পৰাই শিক্ষা ল'ব পাৰে মানুহে

snow monkey baby adventures on 600nw 2182189969

শাসন, মাৰপিট কৰি সন্তানক মানুহ কৰা উচিতনে? নে মৰম কৰি সাৱটি ৰাখি? এই বিতর্ক দীর্ঘদিনীয়া। একাংশ বিজ্ঞানীয়ে এই উপায় স্থিৰ কৰাৰ বাবে মানুহৰ সমান্তৰালকৈ বান্দৰ অভিভাৱকসকলৰ সন্তান লালন-পালন প্রক্রিয়া পর্যবেক্ষণ কৰিছিল। তাৰ পৰাই তেওঁলোকে দেখিছে যে লালন-পালনৰ কোনো নির্দিষ্ট বিধি থাকিব নোৱাৰে।

পৰিৱেশ, পৰিস্থিতি অনুসৰি সেয়া সলনি হৈ পৰে। মাতৃয়ে সন্তানক কিদৰে ডাঙৰ কৰিব, সেয়া বহুখিনি নিৰ্ভৰ কৰে পৰিৱেশ, পৰিস্থিতিৰ ওপৰত।

বান্দৰ শ্ৰেণীৰ জীৱন-যাপন পর্যবেক্ষণ কৰি বিজ্ঞানীসকলে দেখা পাইছে যে পৰিৱেশ অনুসৰি সিবোৰৰ সন্তান লালনৰ ধৰণ সলনি হৈ পৰে। য’ত খাদ্যৰ অভাৱ থাকে, বিপদ অনেক বেছি থাকে; তাত বান্দৰ পিতৃ-মাতৃয়ে সন্তানক অতি বেছি সাৱধানে ৰাখে। সকলো সময়তে বুকুত সাৱটি লৈ থাকে।

আনহাতে, য’ত খাদ্যৰ অভাৱ নাই, বিশেষ শত্রু নাই; তাত বান্দৰ-মাতৃসকলে সন্তানক অনেক বেছি স্বাধীনতা দিয়ে। অকলে ঘূৰি ফুৰিবলৈ দিয়ে। দুয়োটা পৰিস্থিতিতেই মাকবোৰৰ উদ্দেশ্য থাকে এটাই- সন্তানক ৰক্ষা কৰি ৰখা।

অৱশ্যে তাৰ প্ৰকাশ, আচৰণ হয় ভিন্ন।’দ্য কনভাৰছেচন’ জার্ণেলত এই সংক্রান্তীয় এখন গৱেষণা পত্র প্রকাশ পাইছে। সেই প্রতিবেদনত আমেৰিকাৰ মনঃস্বত্ত্ববিদ ডায়েনা বমৰিণ্ডে জনাইছে যে সন্তান প্রতিপালনৰ সাধৰণতে তিনিটা পদ্ধতি আছে।

এক, অথৰিটেটিভবা কর্তৃত্বমূলক। এই পদ্ধতিক মাকসকলে যিদৰে সন্তানক স্নেক কৰে, সেইদৰে শাসনো কৰে। শৃংখলাৰ পাঠ দিয়ে। দুই, অথৰিটেৰিয়ান বা স্বৈৰাচাৰী। এই মাতৃসকলে কেরল শাসন কৰে। শৃংখলাক লৈ তেওঁলোকৰ কঠোৰতা বেছি। স্নেহৰ ভাগ কম। তিনি, পাৰমিছিভ বা প্ৰশ্রয়দানকাৰী। এই মাতৃসকলে শাসন কম কৰে। বৰঞ্চ সন্তানত প্রয়োজনতকৈ বেছি মৰম কৰে।

অৱশ্যে এই তিনিটা পদ্ধতিত সন্তানৰ লালন-পালন কেৱল মানুহেই নহয়, বান্দৰ শ্ৰেণীৰ প্রাণীবোৰেও কৰে; কিন্তু নির্দিষ্ট এটা উপায়তে সমগ্র জীবন আবদ্ধ হৈ নাথাকে। গৱেষকৰ দলে মানুহৰ সমান্তৰালকৈ এই বান্দৰ শ্ৰেণীৰ প্ৰাণীৰ সন্তান লালনো পর্যবেক্ষণ কৰিছে।

বুজাৰ চেষ্টা কৰিছে যে পৰিৱেশৰ স’তে খাপ খুৱাবলৈ সন্তানৰ যত্ন লোৱাৰ প্ৰক্ৰিয়া কিদৰে সলনি হৈ পৰে। বিজ্ঞানীসকলে দেখিছে যে জীৱ-জগতত কেৱল মানুহ আৰু বান্দৰ শ্ৰেণীৰ মাতৃসকলেই সন্তানৰ যত্নত বহু বেছি সময়, শক্তি খৰচ কৰে। সন্তানক জন্ম দিয়াৰ পাছৰ পৰা সাবালক হোৱা পর্যন্ত চোৱাচিতা মাকসকলেই কৰে।

পিতৃৰ তুলনাত মাকসকলে বহু বেছি দায়িত্ব লয়। মানুহ আৰু বান্দৰ শ্ৰেণীৰ মাকসকলে পৰিৱেশ, সন্তানব চাহিদা অনুসৰি লালন-পালনৰ ধৰণো সলনি কৰে।

Exit mobile version