মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

IMG 20260502 113728

পুনৰ এক অপৰিণামদর্শী পৰিকল্পনা ৰূপায়ণৰ দিশত অগ্ৰসৰ হৈছে নেকি নৰেন্দ্ৰ মোদী চৰকাৰ? অলপতে কেন্দ্রীয় চৰকাৰে অধিক ইথানল মিহলি পেট্ৰ’ল বিক্ৰীৰ পৰিকল্পনা লোৱাৰ কথা প্রকাশ পায়। এনে অৱস্থাতে পোহৰলৈ আহিছে যে মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে ১০ হেজাৰ লিটাৰ পানীৰ প্ৰয়োজন হ’ব। কাজেই অধিক ইথানল মিহলি পেট্র’ল বিক্রী কৰিবলৈ গ’লে পৰিস্থিতি কেনে জটিল হৈ উঠিব সেয়া সহজে অনুমেয় হৈছে।

অর্থাৎ ইন্ধনৰ নাটনিক জোৰা মাৰিবলৈ যাওতে আন এক জটিল সমস্যাৰ সৃষ্টি কৰিবলৈ লৈছে নেকি মোদী চৰকাৰে। কাৰণ শেহতীয়াভাবে দেশৰ কেতবোৰ অঞ্চলত জলসংকট সৃষ্টিৰ আশংকা প্রবল হৈছে।বৰষুণৰ পৰিমাণ অস্বাভাৱিক হ্রাস পোৱাত অসমকে ধৰি বহু ঠাইৰ নৈৰ বান্ধসমূহত পানীৰ পৰিমাণ উদ্বেগজনকভাৱে হ্রাস পাইছে।

গতিকে অধিক ইথানল মিহলি পেট্র’ল বিক্রীয়ে পৰিস্থিতি অধিক শোচনীয় কৰাৰ আশংকা প্রবল হৈছে। এই সম্পর্কত এজন বিশেষজ্ঞ তথা আইপিচিচিৰ অঞ্জল প্রকাশে কয়, ‘পেট্র’লত অধিক পৰিমাণত ইথানল মিহলাবলৈ ল’লে ভাৰতৰ জলসংকট অধিক বৃদ্ধিৰ আশংকা আছে। কাৰণ ইথানল উৎপাদনৰ বাবে প্রয়োজনীয় কেঁচামাল কুঁহিয়াৰ আৰু গোমধানক প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়।’

ইথানল মিশ্রণে কি বুজায়?ইথানল মিহলি কৰা বা ইথানল ব্লেন্ডিঙৰ অৰ্থ হৈছে উদ্ভিদৰ পৰা উৎপাদিত এলকহল (যাক ইথানল বুলি কোৱা হয়) পেট্ৰ’লৰ স’তে মিহলোৱা হ’ব। ইয়াৰ জৰিয়তে দেশলৈ খাৰুৱা তেলৰ আমদানি হ্রাস কৰিবলৈ বিচৰা হৈছে। এই ক্ষেত্রত কেঁচামালৰূপে চাউলৰ গুৰুত্বও বৃদ্ধি পাইছে।

২০২৪-২৫তে কেন্দ্ৰীয় চৰকাৰে ইথানল উৎপাদনৰ বাবে ৫২ লাখ টন চাউল আবণ্টন দিয়ে। ইয়াৰ পৰিমাণ ২০২৫-২৬৩ ৯০ লাখ টনলৈ বৃদ্ধিৰ লক্ষ্য লৈছে চৰকাৰে। গতিকে আগন্তুক সময়ত চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰ লোকলৈ যোগান ধৰা চাউলৰ পৰিমাণ ২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হাসৰ লক্ষ্য লৈছে।

কেনেদৰে জলসংকট সৃষ্টি কাৰণ বিশেষজ্ঞসকলৰ মতে কেইলিটাৰমান ইথানল উৎপাদনৰ বাবে প্ৰচুৰ পানীৰ প্ৰয়োজন হ’ব। এই সম্পর্কত খাদ্য মন্ত্রণালয়ৰ সচিব সঞ্জীব চোপ্রাই ২০২৪তে প্রকাশ কৰা এক তথ্য অনুসবি চাউলৰ পৰা মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে ১০,৭৯০ লিটাৰ পানীৰ প্ৰয়োজন হ’ব।

কাৰণ এক কিলোগ্রাম চাউল উৎপাদনৰ বাবে ডাঙৰ-দীঘল কৰা ধান গছক তিনিৰ পৰা পাঁচ হেজাৰ লিটাৰ প্রয়োজন হয়। ইয়াৰ বিপৰীতে এক লিটাৰ ইথানল উৎপাদনৰ বাবে ২.৫ কিলোগ্ৰামৰ পৰা তিনি কিলোগ্রাম চাউলৰ প্ৰয়োজন হয়। গতিকে এক লিটাৰ ইথানল উৎপাদন মানে কমেও ১০ হেজাৰ লিটাৰ পানী খৰচ হোৱা। ইয়াৰ বিপৰীতে গোমধানৰ পৰা এক লিটাৰ ইথানল উৎপাদন কৰোতে ৪,৬৭০ লিটাৰ আৰু কুঁহিয়াৰৰ পৰা উৎপাদন কৰোতে প্রায় ৩,৬৩০ লিটাৰ পানীৰ প্ৰয়োজন হ’ব।

গতিকে পেট্ৰ’লৰ স’তে অধিক ইথানল মিহলাই বিক্ৰী কৰা কাৰ্যই আন এক জটিল সমস্যাৰ সৃষ্টি কৰাৰ আশংকা আছে। লক্ষ্যণীয় যে এনে অৱস্থাতে চৰকাৰী থিংক টেংক নিটি আয়োগেও আঙুলিয়াই দিছে যে ২০৩০ৰ ভিতৰত দেশৰ একাংশ মহানগৰত জলসংকটে জটিল ৰূপ ধাৰণ কৰিব।

আনকি দিল্লী, বাংগালুৰু, চেন্নাইকে ধৰি ২১ খন প্রধান চহৰত আগন্তুক চাৰি বছৰত ভূগৰ্ভস্থ জলৰ পৰিমাণ শূন্য হোৱাৰ আশংকা কৰিছে নিটি আয়োগে। উল্লেখ্য যে সম্প্রতি দেশত মুঠ ইথানল পৰিমাণৰ ১,৮২২ কোটি লিটাৰ ইথানল উৎপাদনৰ সামর্থ্য আছে। ৰাজ্য বিশেষে ইথানল উৎপাদনৰ সামর্থ্যও সুকীয়া।

মহাৰাষ্ট্ৰত ৩৯৬ কোটি লিটাৰ ইথানল উৎপাদন কৰিব পাৰে। তৎসত্ত্বেও ৰাজ্যখনৰ বিদর্ভ আৰু মাৰাথাৱাড়াৰ কৃষকসকলে জলসংকটৰ স’তে যুঁজ দি আছে। গতিকে এনে পৰিস্থিতিত অধিক পৰিমাণৰ ইথানল মিহলি পেট্র’ল বিক্ৰীৰ পৰিকল্পনা কোনোপধ্যে সুচিন্তিত নহয় যে সেয়া কোৱা বাহুল্য মাথোন।

Exit mobile version