সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

1776827759 trump 1280

ইৰাণৰ স’তে চলি থকা সংঘাতৰ মাজতে ইউৰোপীয় মিত্ৰ দেশসমূহৰ পৰা প্রত্যাশিত সহায় নাপাই ক্ষুব্ধ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। একাধিক ইউৰোপীয় দেশে এই সংঘাতত জঢ়িত হবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে কিছুমানে মাৰ্কিন নীতিৰো মুকলিকৈ সমালোচনা কৰিছে।

এই পৰিস্থিতিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নেটোৰ সদস্য দেশসমূহৰ পৰা প্ৰায় পাঁচ হেজাৰ মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আন্তর্জাতিক সামৰিক জোট নেটো (NATO)ৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য জাৰ্মানীৰ স’তে শেহতীয়াকৈ আমেৰিকাৰ মতানৈক্য তীব্ৰ হৈ পৰিছে। জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ইৰাণৰ স’তে বুজাবুজিৰ ক্ষেত্ৰত আমেৰিকা ‘অপমানিত’ হৈছে বুলি মন্তব্য কৰাৰ পাছতে এই উত্তেজনা বৃদ্ধি পায়।

উক্ত মন্তব্যৰ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পেন্টাগনে।মাৰ্কিন প্ৰশাসনে জনোৱা মতে, জাৰ্মানীত অৱস্থিত পাঁচ হেজাৰ মাৰ্কিন সেনাক অহা ছয় মাহৰ পৰা ১২ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে উভতাই নিয়া হ’ব। বৰ্তমান জাৰ্মানীত প্ৰায় ৩৫ হেজাৰ মাৰ্কিন সেনা নিযুক্ত আছে, যি ইউৰোপৰ ভিতৰত সৰ্বাধিক।

পেন্টাগনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, ইউৰোপীয় দেশসমূহৰ আচৰণত হতাশ হৈ এই সিদ্ধান্ত লোৱা হৈছে। আমেৰিকাই যি সমৰ্থন আশা কৰিছিল, সেয়া লাভ নকৰাত প্ৰশাসন অসন্তুষ্ট হৈ পৰিছে। জাৰ্মান চ্যান্সেলৰৰ মন্তব্যক ‘অনুপযুক্ত আৰু অৰ্থহীন’ বুলি অভিহিত কৰা হৈছে।

ইয়াৰ উপৰিও, ট্ৰাম্পে ইউৰোপীয় দেশসমূহৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, তেওঁলোকে মাৰ্কিন সেনাৰ সুবিধা ভোগ কৰে যদিও প্ৰয়োজনৰ সময়ত সহায় নকৰে। ইৰাণৰ স’তে উত্তেজনাৰ প্ৰেক্ষাপটত হৰমুজ জলদ্বীপ(Strait of Hormuz)ক লৈ সৃষ্টি হোৱা অচলাবস্থা সমাধানৰ বাবে নেটো সদস্য দেশসমূহৰ হস্তক্ষেপ বিচাৰিছিল ট্ৰাম্পে।

তেওঁ ইউৰোপীয় দেশসমূহক হৰমুজ প্ৰণালীত নৌবাহিনী প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল যদিও অধিকাংশ দেশে তাত সঁহাৰি জনোৱা নাছিল।

জাৰ্মানীৰ লগতে ইটালী আৰু স্পেইনৰ স’তেও এই বিষয়ত আমেৰিকাৰ মতানৈক্য প্ৰকাশ পাইছে। এই পৰিস্থিতিয়ে ইউৰোপ-আমেৰিকা সম্পৰ্কত নতুনকৈ উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা দেখা দিছে।

Exit mobile version