SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

টিএমচিৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, পশ্চিমবংগৰ নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী নিয়োগক আপত্তি দৰ্শাইছিল টিএমচিয়ে

WhatsApp Image 2026 05 02 at 12.16.21 PM

SC Rejects TMC Plea:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ ৷টিএমচিৰ আৱেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া নিয়োগ কৰাৰ সন্দৰ্ভত আপত্তি দৰ্শাই এক আৱেদন সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৷ এই আৱেদনৰ ওপৰত শনিবাৰে টিএমচিৰ হৈ আদালতত যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় , নিৰ্বাচন আয়োগে একপক্ষীয় সিদ্ধান্ত ল’ব নোৱাৰে। তেওঁ লগতে কয় যে আমি আশংকা কৰিছো যে ইচিআই’ৰ এই নিৰ্দেশৰ ফলত গণনাত অনিয়ম হোৱাৰ আশংকা কৰা হৈছে ৷

আনহাতে কপিল ছিবালৰ যুক্তিৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে কয় যে, “আপুনি এনে অভিযোগ উত্থাপন কৰিব নোৱাৰে। ৰাজ্যিক কৰ্মচাৰী হওক বা কেন্দ্ৰীয় কৰ্মচাৰী হওক, সকলোৱে নিৰ্বাচন আয়োগৰ অধীনত কাম কৰে। কেৱল তত্বাৱধায়ক গণনা কৰা নহয়। প্ৰাৰ্থী আৰু অন্যান্য বিষয়াৰ প্ৰতিনিধিও থাকিব। কোনো ধৰণৰ আশংকাৰ কোনো ভিত্তি নাই।

আনহাতে নিৰ্বাচন আয়োগৰ হৈ আদালতত চৰকাৰী অধিবক্তাই উল্লেখ কৰিছে যে এজন কৰ্মচাৰীও ৰাজ্য চৰকাৰৰ হ’ব। উচ্চতম ন্যায়ালয়ে আয়োগৰ এই মন্তব্যক যোগাত্মক সহাৰি দি আয়োগৰ পদক্ষেপ ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰে ৷

উল্লেখ্য যে আদালতত টিএমচিয়ে কয় যে, ৰাজ্যিক কৰ্মচাৰীক গণনা তত্বাৱধায়ক হিচাপে কিয় নিযুক্তি দিয়া হোৱা নাই? সংবিধানৰ ৩২৪ নং অনুচ্ছেদক ​​উলংঘা কৰা হৈছে। নিৰ্বাচন আয়োগে ইচ্ছাকৃতভাৱে কাম কৰিছে। নিৰ্বাচন আয়োগে ৰাজ্যিক কৰ্মচাৰীৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

স্মতৰ্ৱ্য যে বংগৰ ভোটগণনাত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া ,কাউন্টিং ছুপাৰ ভাইজাৰ, কাউন্টিং এজেন্ট নিয়োগক প্রত্যাহ্বান জনাই টিএমচিয়ে কলকতা উচ্চ ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল যদিওউচ্চ ন্যায়ালয়ে নাকচ কৰিছিল টিএমচিৰ আবেদন৷ যাৰবাবে শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ এই আৱেদনৰ শুনানিৰ দিন ন্যায়ালয়ে ধাৰ্য কৰিছিল শনিবাৰে ।

উল্লেখযোগ্য পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৩ এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ২৯ এপ্ৰিলত ভোটদান কৰা হয়। অহা ৪ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

Exit mobile version