বিধেয়কৰ বিৰোধিতাৰে সাত জানুৱাৰীত ধিক্কাৰ দিৱস

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অহা সাত জানুৱাৰীত ৰাজ্যজুৰি ধিক্কাৰ দিৱস পালন কৰাত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন -মঞ্চ তথা নাগৰিকসকলৰ উমৈহতীয়া মঞ্চই। উদ্যোগক্তা অবিহনে আজি ইয়াত অনুষ্ঠিত এক প্ৰতিবাদী সভাৰ জৰিয়তে উমৈহতীয়া মঞ্চই এই সিদ্ধান্ত গ্ৰহণ কৰে। দীৰ্ঘসময় ধৰি চলা প্ৰতিবাদী সভাৰ অন্তত আজি এই কথা অৱগত কৰি উমৈহাতীয়া মঞ্চৰ অন্যতম আহ্বায়ক তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই কয়,’ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদকো নেওচি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত গঠন কৰা যুটীয়া সংসদীয় সমিতি য়ে মৌখিক ভোটেৰে এই বিধেয়কখন গৃহীত কৰাৰ পাছত অহা সাত জানুৱাৰীত জেপিচিয়ে এই সম্পৰ্কীয় প্ৰতিবেদন সংসদত দাখিল কৰিব। ইয়াৰ প্ৰতিবাদত অহা সাত জানুৱাৰীত বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি ধিক্কৰ দিৱস পালন কৰা হ’ব।

ADVERTISEMENT
Exit mobile version