২১ জানুৱাৰীত ৰাভা হাছাং, সোণোৱল কছাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাভা হাছাং ,সোণোৱল কছাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । আজি বিয়লি তিনি বজাত ৰাজ্যিক নিৰ্বাচন আয়োগে এই ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সংশ্লিষ্ট অঞ্চলসমূহত নিৰ্বাচনী আচৰণ বিধি বলবৎ হয় ।

ADVERTISEMENT

এক সংবাদমেলত এই বিষয়ে সদৰী কৰি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই জনায় যে যোৱা ২৩ ডিচেম্বৰত ৰাভা হাছঙৰ, ২৯ অক্টোবৰত সোণোৱাল কছাৰী আৰু ছয় নৱেম্বৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল উকলি যায়। ইয়াৰ পাছতে আয়োগে পৰিষদ কেইখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰে ।

বৰাই কয়, ‘তিনিওখন পৰিষদৰ বাবে মনোনয়ন দাখিলৰ দিন হ’ল অহা ১১ জানুৱাৰী । ১২ জানুৱাৰীত মনোনয়নসমূহ পৰীক্ষা কৰাৰ লগতে সেই দিনাই বৈধ মনোনয়ন দাখিল কৰা প্ৰাৰ্থসকলৰ নাম ঘোষণা কৰা হ’য়। মনোনয়ন প্ৰত্যাহাৰৰ দিন হ’ল ১৪ জানুৱাৰী । সেইদিনাই চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ হ’ব।’ ২২জানুৱাৰীত প্ৰয়োজনবোধ পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি সদৰী কৰা বৰাই জনায় যে অহা ২৮ জানুৱাৰীত ভোট গণনা কৰা হ’ব।

Exit mobile version