আজি পুৱাৰ ভাগত প্ৰচণ্ড কুৱলীৰ বাবেই নলবাৰীৰ নাথকুছিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাবে আহত হয় । টিহু থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছি চ’কত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱকজন থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় ৷ পৰিয়ালৰ লোকে জনোৱা মতে বৰপেটাৰোডৰ পৰা বলেৰ’ পিক আপ ভেন এখনত নলবাৰীলৈ আলু কঢ়িয়াই লৈ আহিছিল যুৱকদ্বয়ে । বলেৰ’ পিক আপ ভেনখনি নাথকুছি পোৱাৰ লগে লগে গুৱাহাটী দিশৰ পৰা আহি থকা কয়লা ভৰ্তি ট্ৰাক এখনে নাথকুছি চ’কত প্ৰচণ্ড জোৰত খুন্দা মৰাত বলেৰ’ পিক আপ ভেন খনৰ চালক ছফিকুল ইছলাম (২৫) থিতাতে নিহত হোৱাৰ লগতে কৃষক কাবেল উদ্দিন আহমেদ গুৰুতৰভাবে আহত হয় । ইতিমধ্যে আৰক্ষীয়ে সোঁভৰিখন চিগি যোৱা কাবেল উদ্দিনক নলবাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে যুৱকজনক জি এম চি এইছলৈ প্ৰেৰণ কৰে নলবাৰী চিকিৎসালয় কতৃপক্ষই । নিহত যুৱকজনৰ মৃতদেহ বৰ্তমানে নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখাৰ হৈছে । নিহত চালক চফিকুলৰ ঘৰ বৰপেটাৰ যাদবপুৰত আৰু আহত কৃষক কাবেল উদ্দিনৰ ঘৰ ডঙৰাত ।
কুৱলীৰ বাবেই দুৰ্ঘটনা
-
By admin
ADVERTISEMENT
- Categories: News
- Tags: Road Accident
Related Content
আমেৰিকাত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে ড'নাল্ড ট্ৰাম্প প্ৰশাসনৰ বিশেষ পৰিকল্পনা!
By
publisher
April 22, 2025
অমিত শ্বাহক হত্যাৰ ষড়যন্ত্ৰ!
By
publisher
April 22, 2025
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
April 21, 2025
চত্তীশগড়ত আই ই ডি বিস্ফোৰণত শ্বহীদ জোৱান !
By
publisher
April 21, 2025
এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই
By
publisher
April 21, 2025
পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ মোডীৰ
By
publisher
April 21, 2025