ফাইলকে সুৰক্ষা দিব নোৱাৰা ,’চকিদাৰে’ এ দেশক ৰক্ষা কৰিব কেনেকৈ? বিৰোধীৰ প্ৰশ্ন 

  1. দেশৰ বাবে চাকৰি অদৃশ্য হোৱা ,কৃষকৰ  বাবে ফচলৰ উচিত মূল্য নোহোৱা হোৱাৰ স’তে ৰাফেল চুক্তিৰ ফাইল চুৰিৰ সাদৃশ্য আছে বুলি আজি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।কালি ৰাফেল  গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত মহা অধিবক্তা কে কে  বেণুগোপালে কয় যে ‘দ্য হিন্দু ‘ কাকতত প্ৰকাশিত ৰাফেল চুক্তি সম্পৰ্কীয় বাতৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা ফাইল চুৰিৰে প্ৰস্তুত কৰা হৈছে । মহাধিবক্তাৰ এনে মন্তব্যক লৈ কালিৰে পৰা সৰৱ হৈ থকা কংগ্ৰেছ সভাপতি ৰাহুলে আজি পুনৰ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়।চৰকাৰৰ টেগ লাইন বৰ্তমান নোহোৱা হোৱাত পৰিণত হৈছে বুলিও কংগ্ৰেছ সভাপতিজনে কটাক্ষ কৰিছে ।চৰকাৰক শ’লঠেকত পেলাবলৈ সুযোগৰ সন্ধানত থকা কংগ্ৰেছৰ সভাপতিজনে মহাধিবক্তাৰ এই মন্তব্যক সুবৰ্ণ সুযোগৰূপে লৈ আজি ইয়াত এখন সংবাদমেলত কয়,’  যুৱক -যুৱতীক দিয়া চাকৰিৰ প্ৰতিশ্ৰুতি , কৃষকক উচিত মৃল্য প্ৰদান,  বেংক একাউন্টত ১৫ লাখকৈ ভৰাই দিয়া,কৃষকক বীমা, ক’লাধন আদিবোৰ অদৃশ্য হ’ল। ৰাফেল চুক্তি ফাইলো তেনেদৰে অদৃশ্য হৈছে ।’ মহাধিবক্তাই কালি উচ্চতম ন্যায়ালয়ত ৰাফেল চুক্তি সম্পৰ্কীয় যি ফাইল চুৰি হ’ল বুলি কৈছে,  তাৰ দ্বাৰা চুক্তিখনক লৈ কেলেংকাৰীটো হোৱাটো প্ৰতিপন্ন কৰে বুলি ইংগিত দিয়ে ৰাহুলে ।
Exit mobile version