দেশ-বিদেশৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এখন অসমীয়া ছবি । অৰূপ মান্নাৰ ‘আমৃত্যু’ৰ বিশ্বমুখী যাত্ৰা ।

111111111111111 1

????????????????????????????????????

এখন অসাধাৰণ চিনেমা । মুক্তিৰ পিছতে দেশ-বিদেশৰ অজস্ৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । প্ৰখ্যাত গল্পকাৰ শিৱানন্দ কাকতিৰ গল্প ‘আমৃত্যু অমৃত’ৰ আধাৰত অসমৰ এগৰাকী যশস্বী তথা চিৰিয়াছ চলচিত্ৰ নিৰ্মাতা অৰূপ মান্নাই ‘আমৃত্যু ‘ নামৰ এখন চলচিত্ৰ নিৰ্মাণ কৰিছে । সাধাৰণতে মূলসুঁতিৰ সংবাদ মাধ্যম আৰু ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত কোনোধৰণৰ প্ৰচাৰ নচলোৱা অৰূপ মান্নাই কাকো খবৰ নিদিয়াকৈ ইটোৰ পিছত সিটো চলচিত্ৰ মহোৎসৱত ‘আমৃত্যু ‘প্ৰদৰ্শন কৰিছে । অৰূপ মান্নাৰ চলচিত্ৰ নিৰ্মাণৰ শৈলী কিছু সুকীয়া । সাধাৰণতে যিটো ধাৰাত চলচিত্ৰ নিৰ্মাণ কৰা হয়, অৰূপ মান্না সেই ধাৰাটোৰ পৰা যেন বহু আঁতৰত । গুৱাহাটীত থাকি চলচিত্ৰ নিৰ্মাণ কৰা আৰু হাতেৰে ঢুকি পোৱা সংবাদ মাধ্যমত প্ৰতিটো খবৰ দিয়াৰ পৰাও আঁতৰত থাকে অৰূপ মান্না। ইয়াৰ কাৰণ হ’ল , এইগৰাকী চলচিত্ৰ নিৰ্মাতা নগাঁওত বাস কৰে। ইয়াৰ পূৰ্বে ‘আইদেউ’,’অধ্যায়’কে ধৰি কে’বাখনো ভিন্ন ৰুচিৰ চলচিত্ৰ নিৰ্মাণ কৰা অৰূপ মান্নাৰ শেহতীয়া সৃষ্টি ‘আমৃত্যু ‘ৱে গুৱাহাটী আন্তজাৰ্তিক চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে স্বীকৃতি পাইছিল ।

Exit mobile version