বিশ্বত প্ৰতিদিনে হেজাৰ হেজাৰ মানুহ ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। আপুনি খবৰ ল’লে হয়তো জানিব পাৰিব যি অধিকাংশ মানুহে বাথৰূমতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হয় । ইয়াৰ কাৰণ বাৰু আপুনি জানেনে ?
- কোষ্ঠকাঠিন্য:- কোষ্ঠকাঠিন্য সমস্যা কোনো স্বাভাৱিক সমস্যা নহয় । যি সকলে কোষ্ঠকাঠিন্য সমস্যাত ভোগে , তেওঁলোকে সঠিক ৰূপত মলত্যাগ কৰাত অসুবিধা ভোগ কৰে। ফলত অতিৰিক্ত চাপ দিয়াৰ ফলত কেতিয়াবা ষ্ট্ৰোক হ’ব পাৰে ।কোষ্ঠকাঠিন্যৰ সমস্যা হ’লে নৰম খাদ্য খোৱাৰ লগতে প্ৰচুৰ পৰিমাণে পানী পান কৰিব লাগে ।
- ৰক্তচাপ:- উচ্চ ৰক্তচাপ আৰুনিন্ম ৰক্তচাপ দুয়োটা শৰীৰৰ পক্ষে মাৰাত্মক ক্ষতিকাৰক । ইয়াৰ ফলত মানুহৰ স্বাভাৱিক চলাচলত ব্যাঘাত জন্মে। যি সকলৰ উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপ আছে, তেওঁলোকৰ বাথৰূমত ষ্ট্ৰোক হোৱাৰ আশংকা বেছি । সেয়ে ৰক্তচাপ স্বাভাৱিক ৰাখিবলৈ চিকিৎসাৰ লগতে সঠিকভাৱে খাদ্য গ্ৰহণ আৰু ব্যায়াম কৰিব লাগে ।
- বহুমূত্ৰ ৰোগ :– ডায়েবেটিছ হ’ল এবিধ হৰম’ন সংশ্লিষ্ট ৰোগ । শৰীৰৰ অগ্নাশয়ে যদি সঠিক মাত্ৰাত ইনছ্যুলিন সৃষ্টি কৰিব নোৱাৰে তাৰ ফলতে ডায়েবেটিছ ৰোগ সৃষ্টি হয় ।
- মদ্যপানৰ অভ্যাস ত্যাগ :- যকৃতক মাৰাত্মকৰূপে ক্ষতিগ্ৰস্ত কৰাৰ বাবে প্ৰধানকৈ দায়ী হৈছে সুৰা। সামান্য পৰিমাণৰ মদ্যপানৰ পৰাও হেপেটাইটিছ আৰু লিভাৰ ছিৰ’ছিছৰ দৰে মাৰাত্মক ৰোগ হব পাৰে । সেয়ে মদ্যপানৰ অভ্যাস ত্যাগ কৰক আৰু এই ৰোগৰ পৰা দূৰত থাকক।
- সঠিক পৰিমাণৰ পানী :- পানীয়ে আমাৰ যকৃতৰ বাবে ক্ষতিকাৰক বিষাক্ত পদাৰ্থ দূৰ কৰি যকৃৎ পৰিস্কাৰ কৰাত সহায় কৰে।পানী কমাই পান কৰা সকলে যকৃতৰ নানা ধৰণৰ সমস্যাত পৰা দেখা যায় । সেয়ে দিনে দুই-তিনি লিটাৰ পানী পান কৰাৰ অভ্যাস কৰক।