বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতাই দল দুটাক কোনো পৰিস্থিতিতে লাভান্বিত নকৰে বুলি আজি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত গগৈয়ে কয়,’ মিত্ৰতাৰ ফলত বিজেপিৰ একো লাভ নোহোৱাটো খাটাং । আনহাতে মুখা খোল খালে এ জে পিৰ। এ জি পিৰ দৰে ভণ্ড , নিৰ্লজ দলৰ জন্ম পৃথিৱীত হোৱা নাই। দলটোৰ নেতাসকলৰ কৰ্মকাণ্ডত ছহিদৰ আত্মায়ো শান্তি নাপায় ।এ জে পিক বোকোচাত লোৱাটোৱে বিজেপিৰ দুৰ্বলতাকো প্ৰমাণ কৰিছে । তাৰমানে অকলে নিৰ্ব্বাচন খেলাৰ ক্ষমতা বিজেপিৰ নাই। শক্তি বঢ়াবলৈ এ জি পি, বি পি এফ, ৰাভা ,তিৱাৰ লগ লাগিছে । তথাপিও কিন্তু শেষ ৰক্ষা দলটোৰ নহ’ব ।সেই কথা বুজি উঠি দলটো নাৰ্ভাছ হৈছে । সেইবাবে জোৱানৰ ত্যাগৰ মুনাফাও ল’ব বিছাৰিছে ।’ গগৈয়ে পুনৰ মন্তব্য কৰে যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰীত্ব ক্ষমতা আৰু সোৱাদ এৰিব নোৱাৰিলে । সেই কাৰণে নিজৰ জাতি, আত্ম পৰিচয় সকলো দলিয়াই থৈ আকৌ মন্ত্ৰীৰ আসনত বহিল। জাতিক বিশ্বাসঘাটকতাত অগপই বদন বৰফুকনকো চেৰ পেলোৱা বুলি গগৈয়ে মন্তব্য কৰে । অগপৰ নেতাসকল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ জালত পৰা বুলিও তেওঁ কয়।
10 টা লোকসভা সমষ্টি দখলৰ দাবী তৰুণ গগৈৰ।
-
By admin
ADVERTISEMENT
- Categories: News, Politics
- Tags: AssamLoksabha ElectionTarun Gogoi
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025