বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতাই দল দুটাক কোনো পৰিস্থিতিতে লাভান্বিত নকৰে বুলি আজি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত গগৈয়ে কয়,’ মিত্ৰতাৰ ফলত বিজেপিৰ একো লাভ নোহোৱাটো খাটাং । আনহাতে মুখা খোল খালে এ জে পিৰ। এ জি পিৰ দৰে ভণ্ড , নিৰ্লজ দলৰ জন্ম পৃথিৱীত হোৱা নাই। দলটোৰ নেতাসকলৰ কৰ্মকাণ্ডত ছহিদৰ আত্মায়ো শান্তি নাপায় ।এ জে পিক বোকোচাত লোৱাটোৱে বিজেপিৰ দুৰ্বলতাকো প্ৰমাণ কৰিছে । তাৰমানে অকলে নিৰ্ব্বাচন খেলাৰ ক্ষমতা বিজেপিৰ নাই। শক্তি বঢ়াবলৈ এ জি পি, বি পি এফ, ৰাভা ,তিৱাৰ লগ লাগিছে । তথাপিও কিন্তু শেষ ৰক্ষা দলটোৰ নহ’ব ।সেই কথা বুজি উঠি দলটো নাৰ্ভাছ হৈছে । সেইবাবে জোৱানৰ ত্যাগৰ মুনাফাও ল’ব বিছাৰিছে ।’ গগৈয়ে পুনৰ মন্তব্য কৰে যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰীত্ব ক্ষমতা আৰু সোৱাদ এৰিব নোৱাৰিলে । সেই কাৰণে নিজৰ জাতি, আত্ম পৰিচয় সকলো দলিয়াই থৈ আকৌ মন্ত্ৰীৰ আসনত বহিল। জাতিক বিশ্বাসঘাটকতাত অগপই বদন বৰফুকনকো চেৰ পেলোৱা বুলি গগৈয়ে মন্তব্য কৰে । অগপৰ নেতাসকল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ জালত পৰা বুলিও তেওঁ কয়।
10 টা লোকসভা সমষ্টি দখলৰ দাবী তৰুণ গগৈৰ।
-
By admin
- Categories: News, Politics
- Tags: AssamLoksabha ElectionTarun Gogoi
Related Content
এতিয়া ছিমৰনৰ দিন নাই: কাজল
By
publisher
April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
By
publisher
April 25, 2026
বিশ্বত সলনি হ'বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
By
publisher
April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
By
publisher
April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026