নিৰ্ব্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা গুজৰাটত শাড়ীৰ বজাৰত ৰাজনৈতিক নেতাৰ ছবি প্ৰিণ্ট কৰা শাড়ীৰ বিশেষ জনপ্ৰিয়তা প্ৰত্যক্ষ হৈছে । কিছুদিন পূৰ্বে ছুৰটৰ শাড়ীৰ বজাৰত ছাৰ্জিকেল ষ্টাইক, পুলৱামা কাণ্ড আৰু ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন ৱৰ্তমানৰ ছবি প্ৰিণ্ট কৰা শাড়ী জনপ্ৰিয় হৈছিল । এইবাৰ গুজৰাটৰ এই শাড়ীৰ বজাৰত বিজেপি আৰু কংগ্ৰেছ দলৰে শীৰ্ষ নেতা ফটো সম্বলিত শাড়ীৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে । ছুৰটৰ ব্যৱসায়ীয়ে প্ৰকাশ কৰাৰ মতে, ‘নমো'(নৰেন্দ্ৰ মোদী) প্ৰিণ্টেড শাড়ী সবাতোকৈ অধিক বিক্ৰী হৈছে । দেশৰ বিভিন্ন অঞ্চলৰ পৰা ৰাজনৈতিক নেতাই নিজ দলৰ মুৰব্বীৰ ফটো সম্বলিত শাড়ী বিছাৰি এতিয়া ছুৰটত ভিৰ কৰিছে । ‘নমো’ প্ৰিণ্টৰ লগতে ৰাজ্যখনৰ শাড়ী বজাৰত এতিয়া যোগী(যোগী আদিত্যনাথ) প্ৰিণ্টৰ শাড়ী অধিক প্ৰচলিত হৈছে ।শেহতীয়াভাৱে ছুৰটৰ ব্যৱসায়ীয়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ ফটো সম্বলিত শাড়ীও তৈয়াৰ কৰিছে।
নিৰ্ব্বাচনৰ বতৰত শাড়ীৰ বজাৰত জনপ্ৰিয় নমো-যোগী প্ৰিণ্টৰ শাড়ী
-
By admin

ADVERTISEMENT
- Categories: News, Politics
- Tags: Loksabha ElectionNarendra ModiPriyanka Gandhi
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025