পানীৰ অভাৱত কপিলী নৈত গা ধুবলৈ গৈ দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু

পানীৰ অভাৱত নৈত গা ধুবলৈ গৈ দুগৰাকী ছাত্ৰীয়ে কৰুণভাৱে মৃত্যুক সাৱটি লব লগা হ’ল নগাঁও জিলাৰ কামপুৰৰ জৰাবাৰী গাঁৱত । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ অৱস্থাৰ সময়তে গঞাই এটুপি পানীৰ বাবে হাহাকাৰ কৰি ফুৰিব লগীয়া হোৱা ঘটনাই ৰাজ্য খনত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । স্হানীয়লোকৰ পৰা জানিব পৰা মতে , শেহতীয়াকৈ অতিপাত খৰাঙৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ কামপুৰৰ জৰাবাৰী, মূগাচুঙিয়া, পিপৰাগাঁও ,বুটিকুৰা আদি বিভিন্ন গাঁৱত দমকল, কুৱা, পুখুৰী আদিৰ পানী শুকাই গৈছে । দৈনন্দিন প্ৰয়োজনীয় পানীৰ বাবে ৰাইজ যাব লগা হৈছে কপিলী নদীলৈ। জল সংকটৰ বাবে আজিও গাঁও খনৰ ধুণুলিকা ডেকাৰজা(15)আৰু জান পাটৰ (14) সৈতে চাৰিগৰাকী কিশোৰী গাঁৱৰ ওচৰৰ কপিলী নৈত পুৱা প্ৰায় 11বজাত গা ধুবলৈ গৈছিল । নৈত গা ধূই থাকোঁতে টানি নিয়ে ধুণুলিকা আৰু জানক। কিশোৰী দুগৰাকীক উদ্ধাৰৰ বাবে সমনীয়া আৰু আন লোকে চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

Exit mobile version